পৰিৱেশ | কল্পনা বৰা

Rinku Rajowar
0
"পৰিৱেশ, যিটো শব্দ ই সামৰি লয় আমাৰ চাক্ষুস চাৰিওফালৰ বিশাল জগতখন। আমি বসবাস কৰি থকা মাটি, আমাৰ নিতৌ দৈনন্দিন প্ৰয়োজনীয় পানী, যʼৰপৰা আমি আমাৰ প্ৰয়োজনীয় অক্সিজেন গেছ লাভ কৰোঁ বায়ু,যি নহʼলে আমাৰ জীৱন অসম্ভৱ সেয়া হৈছে গছ-গছনি আৰু এই সকলোবোৰৰ লগত পৰিপূৰক হিচাপে জড়িত থকা সৌৰশক্তি, বতাহ, উষ্ণতা, আৰ্দ্ৰতা আদি সকলোবোৰ সংযুক্ত হৈয়েই পৰিৱেশ সৃষ্টি হৈছে; যাৰ সৈতে আছে মানুহৰ ওতঃপ্ৰোত সম্বন্ধ। কিন্তু এই মানৱ জীৱশ্ৰেষ্ঠ ই আমাৰ চৌপাশৰ বিনন্দীয়া পৰিৱেশটো ধ্বংস কৰিছে।যাৰ ফলত আমাৰ এই চিৰসেউজীয়া ধৰণীখন ধ্বংসৰ দিশে গতি কৰিছে। মানুহৰ মাজত দেখা দিছে নানা অচিন ৰোগে। পৰিৱেশ দূষিত হোৱাৰ লগতে মানুহৰ মাজলৈ কঢ়িয়াই আনিছে অকাল ভাৰসাম্যতা। আমি যদি পৰিৱেশত জীয়াই থাকি সুস্থ-সবল জীৱন যাপন কৰিব বিচাৰো; তেন্তে আমি প্ৰদূষণৰ কাৰণবোৰ জানি তাৰ উচিত ব্যৱস্থা লʼব ই লাগিব।
              পৰিৱেশ প্ৰদূষণ বৰ্তমান সময়ত আটাইতকৈ ডাঙৰ সমস্যা। এইটো আজিৰ এক জলন্ত বিষয়। পৰিৱেশ প্ৰদূষণৰ মূলতে হʼল আমি। মানুহে কৰা বিভিন্ন কামৰ বাবে গোলকীয় উষ্ণতা বৃদ্ধি, সেউজ গৃহ প্ৰভাৱ, বায়ু, পানী, মাটি প্ৰদূষিত হʼব ধৰিছে আৰু পৰিৱেশৰ এনে পৰিৱৰ্তনকে আমি প্ৰদূষণ বুলি ক ওঁ।
                             বৰ্তমান সময়ত মানুহৰ চিন্তাধাৰাৰ উন্নতিৰ লগে লগে বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ বিকাশ ঘটিছে। এইটো আমাৰ সকলোৰে বাবেই এক সুখৰ খবৰ। কিন্তু আমাৰ এইটো মানসিকতা থকা উচিত যে এই সুখৰ খবৰে যাতে আমাৰ বাবে বিপদসংকুল হৈ দেখা নিদিয়ে। কিন্তু বৰ্তমান সময়ত যে এইটোৱেই পৰিলক্ষিত হৈছে। পৰিৱেশ দিনক দিনে বিপদ সংকটৰ দিশে আগবাঢ়ি গৈছে। উদ্যোগ সমূহে আমাৰ প্ৰয়োজনীয় বিবিধ সামগ্ৰী যোগান ধৰি আমাৰ জীৱন সহজলভ্য কৰি তুলিছে সেইটো সঁচা কথা। কিন্তু সেই একে উদ্যোগ সমূহৰ পৰা নিৰ্গত ধোঁৱাই চৌপাশৰ বায়ু দূষিত কৰি আমাৰ মাজলৈ কঢ়িয়াই আনিছে নানা অচিন ৰোগ। ঔদ্যোগিক আৱৰ্জনাৰ নিষ্কাষণ পানীয়ে নদী, হ্ৰদ, সাগৰ আদি প্ৰদূষিত কৰি তাত থকা জীৱ ধ্বংস মুখত পেলাইছে।পৰিবহণ ব্যৱস্থাৰ উন্নতিৰ ফলতো তাৰ পৰা নিৰ্গত ধোঁৱাই বায়ু দূষিত কৰে। বৰ্তমান সময়ত আমি আমাৰ নিজৰ প্ৰয়োজন পূৰাবলৈ গছ-গছনি ধ্বংস কৰিছো। কিন্তু তাৰ পৰিণতি কি হব হয়তো এবাৰো কোনোৱে ভাবি চোৱা নাই। গছ-গছনিয়ে আমাক আমাৰ প্ৰয়োজনীয়  সামগ্ৰীৰ অভাৱ পূৰণ কৰিছে। কিন্তু তাৰ বিপৰীতে যে আমি ধৰণী  লৈ এক ভয়াৱহ পৰিস্থিতি কঢ়িয়াই আনিছো। গছ-গছনি কটাৰ ফলত বায়ুত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি আৰু অক্সিজেনৰ মাত্ৰা হ্ৰাস পাইছে। এচিড বৰষুণৰ পৰিমাণ বাঢ়িছে। জীৱাশ্ম ইন্ধন দহনৰ ফলতো তাৰ পৰা নিৰ্গত কাৰ্বনমনʼক্সাইডে আমাক সূৰ্যৰ পৰা অহা জীৱৰ বাবে অপকাৰী অতি বেঙুনীয়া ৰশ্মিৰ প্ৰভাৱৰ পৰা আমাক সুৰক্ষা দিয়া অজʼন স্তৰ ধ্বংস কৰে।অজʼন স্তৰ ক্ষতি হোৱাৰ ফলত পৃথিৱীলৈ সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মিৰ বিকিৰণ বেছি হʼব পাৰে। ইয়াৰ ফলত জীৱজগতৰ ক্ষতি সাধন হয়।
                                           এইবোৰৰ পৰাই আমি গম পাব পাৰোঁ যে পৰিৱেশ প্ৰদূষণৰ মূল কাৰণ বোৰ মানৱসৃষ্ট। সেয়েহে আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে পৰিৱেশ সুৰক্ষিত কৰাৰ বাবে যথোপযুক্ত ব্যৱস্থা ও হাতত লোৱা উচিত।
                                                          আমি প্লাষ্টিকৰ পৰা হʼব পৰা অপকাৰৰ কথা লক্ষ্য কৰি প্লাষ্টিকৰ জাতীয় সামগ্ৰীৰ পুনব্যৱহাৰ কৰিব লাগে। সকলোৱে বৃক্ষৰোপণৰ দ্বাৰা বনানীকৰণ প্ৰক্ৰিয়াত হাত দি পৰিৱেশত বিশুদ্ধ বায়ুৰ অভাৱ পূৰণ কৰিবলৈ চেষ্টা কৰা উচিত। সৰু আৰু বৃহৎ উদ্যোগ সমূহৰ পৰা নিৰ্গত হোৱা ধোঁৱা আৰু নিষ্কাষিত দ্ৰব্যৰ পৰিমাণ কমাবলৈ চেষ্টা কৰা উচিত। চৰকাৰে ও যাতে পৰিৱেশ প্ৰদূষণ ৰোধ কৰাৰ আইনসমূহ আৰু কঠোৰ ভাৱে প্ৰণয়ন কৰে; তাকে কামনা কৰোঁ। আমি সকলোৱে জানো 'একতাই পৰম বল' ।আমি যদি সকলোৱে সমূহীয়া প্ৰচেষ্টাৰে পৰিৱেশ প্ৰদূষণ ৰোধ কৰিবলৈ আগবাঢ়ি আহোঁ; তেন্তে আমি নিশ্চয় সফলতা অৰ্জন কৰিব পাৰিম আৰু এক সুন্দৰ পৰিবেশ গঢ়ি তুলিব পাৰিম।আশা কৰোঁ আমি নিশ্চয় এদিন এই লক্ষ্যত উপনীত হ'ব পৰিম।"

                 ✍️ কল্পনা বৰা
                      একাদশ শ্ৰেণী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)