আঁৰৰ কাহিনীবোৰ আপুনি
হয়টো নুবুজিব!
ধূলিয়ৰি বাটৰ এহেজাৰ সপোনৰ ঠিকনা
ক'ত বিচাৰি পাম?
নিজানত উচুপি উঠোঁ,
হাঁহিব বিচাৰিও থমকি ৰওঁ।
ঠিকনাবিহীন হৈ পৰোঁ
বাস্তৱৰ মাজত।
ভয় হয় কেতিয়াবা
কুঁৱলীৰ মাজেৰে
জানো পাৰ হ'ব পাৰিম?
দুচকুৰে নিগৰা অশ্ৰুৰ টোপাল কেতিয়াবা আঙুলিৰ ফাঁকেৰে বৈ যায়;
কেতিয়াবা নিজকে প্ৰশ্ন কৰোঁ
ধুমুহা আৰু বৰষুণৰ পাৰ্থক্য কি?
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ