তাৰ স্বৰ্ণালী আঁচলৰ তলত
উন্মনা স্পন্দনবোৰ,
হৃদয়ৰ ।
নিশ্চুপ এই নীৰৱতা....!
একলম,
জীয়ন অভিজ্ঞতাৰ পঁজাটিত ৰৈ ৰৈ
দুপতা সপোনক আঁকোৱালি মইজনী.....!
আৰু মোৰ,
চিঞাহীৰ নৈখনত মৌন স্নাতা
মোৰেই আৱেগবোৰ........
নোৱাৰিম বুজাবলে,
শব্দেৰে ।
✍️ সংগীতা মাইনা ডেকা, ৰঙিয়া
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ