সীমান্তৰ সেনানী-আল্পনা দলে

©Admin
0
অহৰ্নিশে শত্ৰু ৰাষ্ট্ৰৰ লোলোপ দৃষ্টি
আমি যেতিয়া নিদ্ৰামগ্ন হৈ থাকো
তেতিয়া তেওঁলোক সাৰে থাকে
আমাৰ সুখ নিদ্ৰাৰ বাবে
চিৰ জাগ্ৰত সীমান্তৰ অতীন্দ প্ৰহৰী ৷
কেতিয়াবা তপত মৰুভূমিত দুৰ্ভিক্ষ জীৱন,
আন কেতিয়াবা হিমচেচা বৰফত ৷
প্ৰতিটো ক্ষণ ভয় শংকা প্ৰত্যাহ্বানমূলক
প্ৰতি ধুলিকণাই কৈ যায়
ভাৰতীয় সেনাৰ বীৰত্বৰ কাহিনী 
দুৰ্গম অঞ্চলে
দেশৰ স্বাভিমানক সোঁৱৰাই,
সীমান্তৰ স্পৰ্শকাতৰ অঞ্চলে
গায় যায় আই মাতৃৰ জয়গান৷
আপোনজনক হেৰুওৱাৰ
বিষাদ -বেদনাসিক্ত জীৱন
হে শ্বহীদ প্ৰণামো তোমাক
তোমালোকৰ মৃত্যু অথলে নাযায়
দেশবাসী সাক্ষী হৈ ৰ’ব

 ✍️আল্পনা দলে

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)