নাৰীবাদ কি?~প্ৰবন্ধ-প্ৰিয়ংকা সন্দিকৈ

©Admin
0
আমি দৈনন্দিন জীৱনত প্ৰায়েই শুনি থকা এটা শব্দ হ'ল নাৰীবাদ । যেতিয়াই কোনোবা নাৰীয়ে নিজৰ অধিকাৰক লৈ প্ৰশ্ন কৰে। তেতিয়া প্ৰথমেই শুনা পায় যে এনে বৰ নাৰীবাদী ওলাইছে। প্ৰকৃতাৰ্থত নাৰীবাদে কেতিয়াও পুৰুষক মহিলাই দমন কৰিব লাগে বুলি নিশিকায়। নাৰীবাদৰ প্ৰধান উদ্দেশ্যই হ'ল পুৰুষ, মহিলা আৰু সকলো লিংগৰ মাজত সমতা স্থাপন কৰা। নাৰীক জীৱনৰ আদি কালৰ পৰাই শিকোৱা হয় কেনেদৰে শুদ্ধ ভূল সকলোতে ধৈৰ্য্য ধৰি থাকিব লাগে। অন্যহাতে পুৰুষক শিকোৱা হয় কিদৰে এখন ঘৰৰ অৰ্থনৈতিক দায়িত্ব ল'ব লাগে। যদি এগৰাকী নাৰীয়ে সামাজিকীকৰণৰ বিৰুদ্ধে প্ৰশ্ন কৰে। তেতিয়া পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাৰ ৰোষৰ বলি হ’ব লগীয়া হয়। পুৰুষতন্ত্ৰই নাৰী আৰু পুৰুষ উভয়ৰে জীৱনত বিষবাষ্প বিয়পাই দিয়ে। নাৰীবাদে এই পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাৰ প্ৰতিবাদ কৰে য'ত এজন মানুহে লিংগভিত্তিক শোষনৰ বাবে ব্যক্তি আধিকাৰৰ পৰা বঞ্চিত হয়। 
         আমাৰ সমাজত নাৰীবাদৰ প্ৰয়োজনীয়তাৰ দৰাচলতে বহুত কমেই চৰ্চ্চা হয়, যদি কোনোবাই এই বিষয়ে মাত মাতে, তেওঁকো বিভিন্ন যুক্তি দেখুৱাই মুখ বন্ধ কৰিবলৈ বিচৰা হয়। নাৰীবাদৰ প্ৰথম , দ্বিতীয়, তৃতীয় ঢৌৱে আমাৰ সমাজত কিদৰে পৰিৱৰ্তন আনিলে সেইয়া এতিয়াও খুউব কম চৰ্চাৰ বিষয়। সেই তিনিটা ঢৌ নহা হ'লে নাৰী এতিয়াও ভোটাধিকাৰ, শিক্ষাৰ অধিকাৰ আৰু বিভিন্ন প্ৰয়োজনীয়তা আধিকাৰৰ পৰা বঞ্চিত হৈ থাকিলেহেঁতেন। আজি আমি পুৰুষৰ সমানে সমানে শিক্ষা গ্ৰহণ কৰিছো আৰু তাৰপাছত নাৰীবাদী সকলক ছচিয়েল মেডিয়াত তীব্ৰ গৰিহণা দিছো, কিন্তু এনেকুৱা নাৰীবাদী সকলেই যদি এটা সময়ত সমাজ ব্যৱস্থাৰ বিপক্ষে নগ'লহেঁতেন, তেতিয়া আমি হয়তো নাৰীবাদক সমালোচনা কৰিব পৰাকৈ সক্ষমো নহ'লোহেঁতেন ।
               নাৰীবাদৰ বিষয়ে যদি নিখুঁতভাৱে চৰ্চা কৰা যায়, তেতিয়া হয়তো আমাৰ ঘূণে ধৰা পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাত আনিবলগীয়া পৰিৱৰ্তনবোৰ ভালদৰে বোধগম্য হ'ব আৰু সমাজত ঘটি থকা বহুত সমস্যাৰ পৰা পৰিত্ৰাণ পোৱা যাব, কিয়নো চালি জাৰি চালে দেখা যায় যে সকলো ভয়াৱহ সামাজিক সমস্যাৰ গুৰিয়েই পুৰুষতন্ত্ৰ।

✍️ প্ৰিয়ংকা সন্দিকৈ।
নাৰী অধ্যয়ন কেন্দ্ৰ।
তৃতীয় ষান্মাসিক।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)