মৰহি যোৱা পৃথিৱী-অনন্ত কুমাৰ ভূঞা

©Admin
0
নদীৰ সোঁ‌তে খেৰকুটা উটুৱাই লৈ যায় 
শব্দহীন ভাৱে বহু দূৰ দূৰণিলৈ  
বন্দুকৰ গুলিৰ শব্দৰ আতংকই
প্ৰাণবায়ু থেকেছি থৈ যায় ।
অৰণ্যৰ জয়াল সাধুবোৰ শেষ হৈ গ'ল
বৈচিত্ৰ্য ভূমিৰ বিচিত্ৰতা হেৰাল 
বখলা বখলে খহিছে পাহাৰৰ ভূমি
ভূমিস্খলনে পুতি পেলাইছে নদীৰ বুকু
খৰালি নদীৰ উদাস বুকু
বাৰিষা বেদনাৰ চকুপানী নৈপৰিয়াৰ
গছবন টহিলং কৰি টকলা কৰিছে পাহাৰ
মূল্যবান গছবোৰ গুৰিতে কাটিছে
বাহুৱলী বনদস্যুৱে লুটিছে বনজ সম্পদ
দাওঁ‌দাওঁকৈ জ্বলিছে বনজুই 
প্ৰাণবায়ু উৰি গৈছে কীট পতঙ্গৰ
নিৰাপত্তাহীন আজি নিৰীহ প্ৰাণী
মুস্তাফা গোমোস্তা সকলে অধিকাৰ কাঢ়ি লৈ
পাহাৰৰ টিলা বিক্ৰী কৰিছে খণ্ড খণ্ড কৈ
অবাঞ্চিত ভাৱে গঢ় লৈ উঠিছে কংক্ৰিটৰ ঘৰ
আহাৰৰ সন্ধানত হাতীবোৰ দিশহাৰা হ'ল
থৰকাছুটি হেৰুৱাই গুজৰি গুমৰি 
বাঘে আহাৰ বিচাৰি চহৰ আহি ওলাল ।
নিমাখিত বন্যপ্ৰাণীৰ সংসাৰ জহিখহি গ'ল 
হাড়গিলা চৰাইয়ে ঘূমটি মাৰিবলৈ 
বৰগছ বিচাৰি ভাগৰুৱা নিঠৰুৱা হ'ল ।
বাদুলি ফেঁ‌চাবোৰে খোৰোং বিচাৰি
আন্ধাৰ ফালি ভুৰুংকৈ উৰা মাৰিছে 
কাউৰী জনীয়ে ঢলপুৱাতে কা কা নকৰা হ'ল
শগুন চিলনীয়ে নতুন আকাশ বিচাৰি গ'ল
আজিৰ পৃথিৱী মৰহি গ'ল পৰিবেশ নষ্ট হ'ল
লেৰেলি যোৱা পৃথিৱীত ছুটি হৈ আহিছে উশাহ।

✍️অনন্ত কুমাৰ ভূঞা
উত্তৰ লক্ষীমপুৰ-৭৮৭০০১

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)