ফেচবুকৰ গোট সমূহত লিখাৰ উপকাৰীতা -বিটুমনি কোঁছ

Aditi Tanti
0
বৰ্তমান সময়ত সাহিত্য চৰ্চা কৰিবলৈ অতি জনপ্ৰিয় সামাজিক মাধ্যম হিচাপে পৰিগণিত হৈছে ফেচবুক।যাৰ জড়িয়তে আমি আমাৰ সুপ্ত প্ৰতিভাৰ বিকাশ সাধন কৰাত সুবিধা হয়।আৰু এই সুবিধা লাভ কৰিব পাৰি, ফেচবুকৰ জনপ্ৰিয় গোট সমূহৰ মাজেদি।সাহিত্য ক্ষেত্ৰখনত নিজকে আগবঢ়াই নিবলৈ এখন সমাজৰ প্ৰয়োজনীয়তা আহি পৰে।আৰু সেই সমাজখন লাভ কৰিব পাৰি ফেচবুকৰ গোটৰ সদ্স্য/সদস্যাৰ মাজত।এটা গোটৰ সকলো সদস্য/সদস্যাই এটা পৰিয়ালৰ দৰেই হৈ পৰে।এজনে আনজনৰ লেখাসমূহ পঢ়ে।বিজ্ঞজনে লেখাৰ আসোঁৱাহ থকা জনক শুদ্ধৰাই আগবঢ়াই লৈ যায়।ইজনে সিজনৰ প্ৰেৰণা হয়।উৎসাহিত মন্তব্য ,লাইক, কমেন্ট কৰি।আপোনাৰ লেখাই পাঠকৰ মনত কিমান প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে,তাৰ এটা আভাস পোৱা যায়।যেতিয়া আপুনি আপোনাৰ লেখাটো ফেচবুকৰ গোটত পোষ্ট কৰিব।তদুপৰি ফেচবুক সাহিত্য চৰ্চা হ'ল , আজৰি সময়ৰ বিনোদন ব্যৱস্থা।দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজতো সময় পালে, এই গোট সমূহত লিখা কবি সাহিত্যিক সকলৰ সুন্দৰ -সুন্দৰ কবিতা, গল্প, উপন্যাসকে আদি কৰি বহুতো নীতি সন্নিৱিষ্ট লেখা পঢ়িবলৈ সুযোগ লাভ কৰিব পাৰি।
ইয়াৰ উপৰিও আপোনাৰ অনুভৱৰ লেখাটো আপোনাৰ বাবে অতি মৰমৰ আৰু গুৰুত্বপূৰ্ণ বিষয়।আন কাৰোবাৰ বাবে আপোনাৰ অনুভৱৰ লেখাটো গুৰুত্বহীন হ'ব পাৰে।কিন্তু আপোনাৰ বাবে সেয়া সন্তানৰ দৰেই মৰমৰ।

মোৰ অনুভৱটি সৃষ্টি কৰিবলৈ
মই প্ৰসৱ বেদনাত চটফটাই থাকোঁ।
আৰু সৃষ্টি কৰাৰ পাছত সন্তান
প্ৰাপ্তিৰ আনন্দত আত্নহাৰা হৈ পৰোঁ।

সাহিত্যৰ দৰে পবিত্ৰ ক্ষেত্ৰখনটো কিছুমান দুষ্টলোকে বিচৰণ কৰি সৃষ্টি কৰে বিশৃংখলতাৰ।কেতিয়াবা এনে দুষ্ট প্ৰকৃতিৰ লোকে আনৰ অনুভৱ চুৰ কৰি নিজৰ নাম যশ বঢ়াবলৈ চেষ্টা কৰে।নাইবা ব্যক্তিগত মনৰ মাজত সোমাই থকা হিংসাত্মক ভাবধাৰাৰ বাবেই আনৰ ফেচবুকৰ একাউণ্টটো হেক কৰি পেলায়।আপুনিও কেতিয়াবা এনে ধৰণৰ দুষ্ট প্ৰকৃতিৰ লোকৰ বলি হ'ব পাৰে।যদিহে আপুনি আপোনাৰ অনুভৱৰ লেখাটো কোনো গোটত পোষ্ট কৰিছে।আপুনি নিচিন্ত থাকক।আপোনাৰ ফেচবুকৰ প্ৰফাইল হেক হ'লেও আপোনাৰ অনুভৱৰ লেখাটো গোটত ৰৈ যাব।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)