মৰ্য্যদা খণ্ড ০৮ - বীণা বৰুৱা

Aditi Tanti
0
 তাইৰ আজি ৰাতিপুৱাৰ পৰাই মন ভাল লাগি আছে।তাই আজি নিজেই ধৰা দিব প্ৰাচুৰ্য্যৰ ওচৰত।ক্ষমাও বিচাৰিব। আজি সন্ধিয়া প্ৰাচুৰ্য্যৰ অপেক্ষাৰো অন্ত পেলাব।
আজি দেখোন অপেক্ষাৰ মূহুৰ্তটো আহিয়েই নাপায়।সময়বোৰ গৈয়ে নাহে!ধেৎ কিবা! সন্ধিয়া কেতিয়া হ'ব বাৰু? আজিকালি এনেও সন্ধিয়া সময়খিনি তাইৰ বৰ প্ৰিয় হৈ পৰিছে।প্ৰাচুৰ্য্য অফিচৰ পৰা অহাৰ পিছত লুচি ভাজি খাই উঠি দুয়ো দুকাপ চাহ হাতত লৈ বেলকনিত বহে আধাঘন্টামান সময়।হোম থিয়েটাৰত সৰুকৈ ৰোমান্টিক গান বাজি থাকে সেয়া অসমীয়াও হ'ব পাৰে, হিন্দীও হ'ব পাৰে নতুবা ইংলিছ গানো হ'ব পাৰে।কথা বিশেষ একো নাপাতে।দুই এটা সৰু সুৰা কথাৰ বাহিৰে বেছি ভাগ সময় মৌন হৈ থাকে।দুয়ো সেই মৌনতাৰ মাজতো কিবা সুখ অনুভৱ কৰে।মৌনতায়ো কথা কয়। সেইখিনি সময় দুয়োৰো একান্ত সময়।একো কথা নপতাকৈয়ে মনৰ কথা বুজি পোৱাতোটো যেন এটা আমেজ আছে।সেয়ে প্ৰতিটো সন্ধিয়া তাইৰ এতিয়া প্ৰিয় হৈ পৰিছে।
        মানসীয়ে বাৰে বাৰে ঘড়ীটোলৈ চাই আছে।অপেক্ষাৰ মূহুৰ্তবোৰ বৰ দীঘলীয়া। সন্ধিয়াৰ বাবে তাই বিশেষ আয়োজন কৰিছে। ফুল, কেণ্ডেল,কেক,ৰূম ফ্ৰেচনাৰ আদি ৰেডি কৰি ৰাখিছে।আজি তাই প্ৰাচুৰ্য্যক আচৰিত কৰি প্ৰমাণ দিবই !তায়ো যে প্ৰাচুৰ্য্যক কিমান ভাল পায়!এনেতে তাইৰ ফোনৰ ৰিংটোনত থকা গানটো বাজি উঠিল....    
                ইমান মৰম কিয়নো দিলা
                ভৰি পৰিলে হিয়া....
তাইৰ ওঁঠৰ ফাঁকেৰে এটা দুষ্ট মিচিকিয়া হাঁহি বাগৰি গ'ল।ভগৱানেও চাগে বুজি পাইছে আজি তাইৰ মনৰ অস্থিৰতাৰ কথা।তাই ফোনটো প্ৰায় লগে লগেই ৰিচিভ কৰিলে...
মানসী------হেল্লো! কওঁকচোন!
প্ৰাচুৰ্য্য.....হেল্লো মানু !কি কৰি আছা? 
মানসী......নাই এনেয়ে আছো.....।
প্ৰাচুৰ্য্য----- মোক মিছ কৰিছা??
মানসী----- মিছ কেতিয়া কৰে?
প্ৰাচুৰ্য্য----নাজানো নহয়!খং উঠিছে নেকি?
              সোধা বাবে?
মানসী-----নাই!কিয় খং উঠিব? মানুহে কাৰোবাক পাহৰিলেহে মিছ কৰে..।
প্ৰাচুৰ্য্য-----মানে?বুজি নাপালোঁ যে...
মানসী----নাই তেনে একো নাই। সন্ধিয়া ঘৰলৈ আহিলে তেতিয়া গম পাব নহয়!
প্ৰাচুৰ্য্য----আৎছা মানু!মোৰ এজন বন্ধুক লৈ গৈ আছো হা?তোমাক কৈছিলো যে মনত আছেনে? আজি দুবছৰ আগতে ফেচবুকত মোৰ এজন ভাল বন্ধু গঢ়ি উঠিছে।কিবা অফিচিয়েল কামত তেওঁ ইয়ালৈ আহিছে,গতিকে একেলগে মোকো এবাৰ লগ কৰিব আহিছে।আজি নিশা থাকিব।হোটেলত থাকিব বিচাৰিছিল।ময়ে ক'লো আমাৰ তাত থকা কথা।বেয়া কৰিলো নেকি?তুমিটো বেয়া নোপোৱা?
মানসী---নাই!কিয় বেয়া পাম বাৰু! ভালহে হৈছে! আপোনাৰ বন্ধু যেতিয়া কিয় হোটেলত থাকিব লাগে?
প্ৰাচুৰ্য্য----উম!মোৰ বিয়াতো আহিব নোৱাৰিলে।তুমি ৰঘুকাইক গেষ্ট ৰূমটো
অলপ ঠিক-ঠাক কৰিব ক'বাচোন।আৰু খোৱাৰো ভালদৰে ব্যৱস্থা কৰিবা।ৰঘুকাইক ক'লেই হ'ব।তুমি কষ্ট কৰিব নেলাগে দিয়া!
মানসী----উফ্ ৰাম!আগতে আলহী লৈ ঘৰ সোমাওঁকচোন! মই সকলো ব্যৱস্থা কৰিম।আপুনি চিন্তা নকৰিব! আহক সোনকালে।
                 তাই প্ৰাচুৰ্য্য সোনকালে ঘৰলৈ আহিলেই যেন ৰক্ষা পৰে।
প্ৰাচুৰ্য্য---- মই ওলাইছোৱে!মাত্ৰ আধাঘন্টা।
অকে বাই..
মানসী----বাই...।
         কিছুসময় পিছত গাড়ীৰ মাত শুনি তাই ৰঘু কাইক ক'লে দ্ৰয়িং ৰূমৰ দৰ্জাখন খুলি দিবলৈ।তাই ওলাই নগ'ল!
আচলতে তাইৰ মন আজি উগুল -থুগুল।
আলহীও আজিহে আহিব পায় নে? তাই আলহীৰ বাবে খোৱাৰ যোগাৰত ব্যস্ত হৈ পৰিল।আজি তাই চব নিজেই বনাব।প্ৰাচুৰ্য্যই বিয়াৰ পিছত এই প্ৰথমবাৰৰ বাবে
কোনোবা বন্ধুক ঘৰলৈ নিমন্ত্ৰণ দিছে।গতিকে তাই কিমান ভালকৈ আলহীক সোধপোচ কৰিব পাৰে জানো! মানসীয়ে ৰঘু কাইৰ হাতত পানী আৰু কাটি থোৱা ফলমূলৰ প্লেটখন দ্ৰয়িং ৰুমত আগবঢ়াই দি আহিব দিলে।কিছুসময় পিছত প্ৰাচুৰ্য্য আৰু বন্ধুজনক ডাইনিং টেবুললৈ আহিবলৈ ক'বলৈ ৰঘু কাইক পঠালে।দুয়ো আহি ডাইনিং টেবুলত বহাত মানসীয়ে ৰঘুকাইৰ হাততে লুচি,ঘুগুনি, বইল কণী, চিকেন পকোৰা,চিকেন ফ্ৰাই ডাইনিং টেবুলত সজাই দিব দিলে। তেতিয়ালৈকে
মানসী বন্ধুজনৰ আগত ওলোৱা নাই।তাই ৰঘুকাইক চাহ তিনিকাপ কৰিব দি ড্ৰেছিং টেবুলৰ সন্মুখলৈ আহি নিজকে অলপ সজাই ল'লে।চকুত পাতলকৈ কাজল লগাই ওঁঠত অকণমান লিপষ্টিক বোলাই মেখেলা চাদৰ এযোৰ উলিয়াই পিন্ধি ল'লে।
হাজাৰ হওঁক প্ৰাচুৰ্য্যৰ বন্ধু,তাতে এই প্ৰথম আহিছে আৰু এইবাৰ চাহ তিনিকাপ ৰঘুকাইৰ হাতত দি তাই ৰঘুকাইৰ পিছে পিছে দ্ৰয়িং ৰূমলৈ আহিল।কাৰণ তেতিয়ালৈকে প্ৰাচুৰ্য্য আৰু বন্ধুজনে খোৱা শেষ কৰি পুনৰ দ্ৰয়িং ৰমত বহিছিল।

(আগলৈ)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)