পৰিচয়~অণুগল্প-তৃষ্ণা বৰুৱা

©Admin
0
"মই কেৱল তোমাৰ পত্নী হৈ থাকিবৰ বাবেই তোমাৰ লগত সংসাৰ কৰা নাই ৰাজীৱ; ভুল নুবুজিবা।ময়ো মোৰ এটা পৰিচয় গঢ়িব বিচাৰোঁ। তুমি আৰু তোমাৰ পৰিয়ালে মোক অতদিনে বান্ধি ৰাখিছিলা। কিন্তু মই এতিয়া মুক্ত; তোমালোকৰ নিয়মৰ শিকলিডালে মোক আৰু বান্ধি ৰাখিব নোৱাৰে।"
‌‌ দৰিদ্ৰ পৰিয়ালৰ হোৱাৰ বাবেই মাক-দেউতাকক চলাহী কথাৰে বান্ধি জুহিক বিয়া কৰাই অনা ৰাজীৱ আৰু তাৰ পৰিয়ালৰ মানুহে আজি একো উত্তৰ দিব নোৱাৰিলে।কাৰণ যোৱা পাঁচ বছৰে বোৱাৰীতকৈ বেছি বান্দীৰ জীৱন উপহাৰ হিচাপে পোৱা জুহিয়ে যে কাইলৈৰ পৰা সিহঁতৰ অঞ্চলত থকা মহাবিদ্যালয়খনত সহকাৰী অধ্যাপক হিচাপে যোগদান কৰিব।তাইৰ নীৰৱ সাধনাই তাইক সমাজত আজি এটা পৰিচয় দিলে।এই পৰিচয়ে তাইক এখন মুক্ত আকাশ উপহাৰ দিছে,য'ত তাই নিজৰ গৰাকী আজিৰ পৰা নিজেই।

✍️তৃষ্ণা বৰুৱা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)