— বোপা ঔষধ খালিনে ?
— খালো মা ।
— এতিয়া শৰীৰটো কেনেকুৱা লাগিছে বোপা ? আৰু শুন বেছি শুই নাথাকিবি অলপ বহি থাক ।
— এতিয়া অলপ ভাল লাগিছে মা কিন্তু খোৱাৰ অলপো ইচ্ছা নাই ।
— জোৰ কৰি হ’লেও অলপ খাব লাগিব। যদি ভাত নোখোৱা তেন্তে চাহ কৰি আনি দিওঁ ।
— না মা এতিয়া মই একো নাখাওঁ।
— ৰ’বা তেন্তে মই এটা কেক আনি আছো ।
– মা ...
ৰথীনে আজি চাৰিদিন ধৰি বেমাৰত পৰি আছে । এতিয়া ৰথীনৰ পৃথিৱী বুলিলে অকল মা । ঔষধ খালে নে নাই , ভাত খাব নে চাহ কৰি দিব ইত্যাদি সকলো দায়িত্ব এতিয়া অকল মাৰ । মা অবিহনে ৰথীন বৰ অসহায়, মৃত্যুৰ দাৰস্ত। অথচ ৰথীন যেতিয়া সুস্থ আছিল তেতিয়া এই মাৰ কোনো কথাই শুনা নাছিল। মাকে সোঁফালে যাবলৈ ক’লে সি বাওঁফালে গৈছিল । কথাবোৰ ভাবি থাকোতে তাৰ চকুলো বাগৰি আহিল। চকুৰ পতাত টোপনি নেদেখি ৰথীনে ইচাট-বিচাট কৰিব ধৰিলে । ঠিক তেতিয়াই তেওঁ আকৌ শুনিবলৈ পালে মাকৰ মাত —
— বোপা টোপনি নাহে ? ৰ’বা মই গৈ আছোঁ মূৰত হাত বোলাই দিবলৈ ...
✍️মেহেনাজ সৰকাৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ