তুমি বিহীন | কুঞ্জ মোহন কাকতি

©Admin
1
দিন বাগৰি মাহ হ'ল,মাহ বাগৰি বছৰ হ'ল।সময়ো সলনি হ'ল।চাৰিওফালে পৰিৱৰ্তনৰ ঝংকাৰ।পৰিৱৰ্তিত সময়ৰ গতিত মই  আজিও দেখোন পৰিৱৰ্তন হ'ব পৰা নাই।তোমাৰ স্মৃতিৰ সুবাসে  আজিও দেখোন খেদি ফুৰিছে তোমাৰ ওচৰলৈ যাবলৈ,কিন্তু সেইয়া যে আজি অসম্ভৱ!ব্যস্ততাৰে ভৰা তোমাৰ জীৱনৰ পৰা মই দেখোন কেতিয়াবাতেই তোমাৰ পাহৰণিৰ গৰ্ভত সোমাই পৰিলো। তথাপিও সুধিছোঁ ---- "তোমাৰ বাৰু মোলৈ মনত পৰেনে? মোৰ আজিও তোমালৈ মনত পৰে জানা"। তাহানিৰ সেই দিনবোৰ পাহৰোঁ কেনেকৈ। য'ত তোমাক চাবলৈয়ে বাৰে বাৰে তোমাৰ ঘৰৰ পদূলিৰ মুখেৰে পাৰ হওঁ।হয়তো কেতিয়াবা দেখা পাওঁ কেতিয়াবা নাপাওঁ।তোমাক দেখা নোপোৱা দিনা সেমেকি উঠে ডায়েৰীৰ পাতবোৰ।মনতে সাঁচি ৰখা কথাষাৰ ক'ম ক'ম বুলি ক'বই নোৱাৰিলো। সেয়েহে চাগে  আজি তোমাক হেৰুৱালোঁ। তোমাৰ বাবে দেখা সপোনবোৰ  আজি আধৰুৱা হৈ ৰ'ল ।কেনেকৈ যে পাৰ কৰো  তুমি বিহীন ৰাতিবোৰ  তোমাক বুজাইও ক'ব নোৱাৰিম।
      
          উফ্ কিমান যে অসহ্যকৰ যন্ত্ৰণাবোৰ।   

         ভাবিছো এইবাৰ বহু দূৰলৈ গুছি যাম।বেদনা সিক্ত বৰষুণ জাকে উতুৱাই নিব তোমাৰ বাবে সাঁচি ৰখা স্মৃতিবোৰ আৰু বুকুৰ প্ৰবাহবোৰ।সেই  বৰষুণজাকতে ডায়েৰীখনো ডুবিব।বগা কাগজত লিখা নীলা আখৰৰ চিয়াহীবোৰ  সান-মিহলি হৈ পানীৰ লগত মিহলি হৈ যাব।পৰিষ্কাৰ হৈ ৰ'ব মোৰ ডায়েৰীৰ পাতবোৰ।লিখি যাম আকৌ নতুন দিগন্তৰ,নতুন সূৰুযৰ, নতুন  আশা, নতুন সপোন।য'ত লেখাবোৰ তুমি বিহীন হৈ থাকিব।

     

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

  1. Bahut val likhisa bandho tmi xaday anekoie aguai jua

    ReplyDelete
Post a Comment