ফাগুন- প্ৰজ্ঞা দেৱী ভূঞা

©Admin
0
ফাগুন হৃদয়ৰ ঋতু
হৃদয়ৰ পৰা হৃদয়লৈ,
শুকান পাত গছকি
যোৱা এক সাকোঁ।
ফাগুন আছে বাবেই
হৃদয়ত ফুলি ৰয় এজাৰ,
হাজাৰ দুখ পাহৰি
মেলি ধৰে ৰঙৰ পোহাৰ।
সেইবাবেই হয়তো ফাগুন নামে
হৃদয়ৰ বতৰা লৈ,
কাৰণ ফাগুন যে হৃদয়ৰ ঋতু।

         
                

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)