ক্ৰীপট'কাৰেঞ্চী- নীল প্ৰজাপতি

©Admin
0
বৰ্তমান সময়ৰ আগত দৌৰিব বিছৰা বা তাতোকৈ বেগেৰে যাব পৰা মহাকাশযানৰ কথা যেনেকৈ অমূলক নহয় বা তাক আপুনি বা মই অসম্ভৱ বা পাগলামী বুলি ক’ব নিবিচাৰো,তেনেধৰণে বৰ্তমানৰ অৰ্থনৈতিক ব্যৱস্থা তথা বিকাশৰ ক্ষেত্ৰতো বৰ চকুত লগাকৈয়ে দ্ৰুত পৰিবৰ্তন হৈছে। ইয়াৰ ভিতৰত আটাইতকৈ বেছি যুগান্তকাৰী পৰিবৰ্তনৰ সূচনা কৰা বিষয়টোৱেই হৈছে ক্ৰীপট'কাৰেঞ্চী। ক্ৰীপট'কাৰেঞ্চী বুলি কোৱা এই বিধো এক প্ৰকাৰৰ অমূলক চিন্তা বা ভবিষ্যত অৰ্থনীতিৰ মূল ধাৰকৰ কথাও পাগলামী নহয়। Santoshi Nakamoto নামৰ জাপানীজ অংকীয় মূদ্ৰাৰ বিশেষজ্ঞৰ দ্বাৰা  ক্ৰীপট'গ্ৰাফীৰ সহায়ত ক্ৰীপট'কাৰেঞ্চীৰ এই ধাৰণা তথা ইয়াৰ প্ৰচাৰ আৰু প্ৰচলন কৰি এক প্ৰকাৰৰ ধুমুহা সৃষ্টি কৰিছিল ২০০৯ চনত। প্ৰথম ক্ৰীপট'কাৰেঞ্চী হৈছে বিটকইন। কিন্তু ইয়াৰ ধুমুহাৰ কিছুবছৰৰ ভিতৰতেই মাৰ যোৱাৰ লগতে মানুহে পাহৰিব ধৰিছিল। কিন্তু এই পৰিবৰ্তনৰ সূচনা ভাৰতত আজিৰ পৰা কেইবছৰমান আগেয়ে হৈছে য’ত ভাৰতেও পৰোক্ষভাৱে হাত উজান দিবলৈ সক্ষম হৈছে। ২০১৬ চনত ৰিজাৰ্ভ বেংকে UPI বা Unified Payment Interface ৰ প্ৰচলন কৰিছিল। দিনক দিনে ইয়াৰ জনপ্ৰিয়তা বাঢ়ি গৈ আছিল যদিও ক'ৰণা কালত ইয়াৰ বহুল ব্যৱহাৰ তথা প্ৰচলনে বিশ্বৰ আগশাৰীৰ উন্নত দেশবোৰকো পিছ পেলাইছে। যাৰ ফলত কেন্দ্ৰীয়কৃত অংকীয় মূদ্ৰাৰ সহজ আৰু সুবিধাজনক ব্যৱহাৰৰ সমান্তৰালকৈ বিকেন্দ্ৰীকৃত অংকীয় মূদ্ৰাৰ ধাৰণা সাধাৰণ মানুহৰ দৈনিক পটভূমিত দৃঢ় হʼবলৈ ধৰিছে। ক'ৰণা, টেছলা, ইভি, স্পেচ, এক্স আদিৰ জোৱাৰত বিটকইনেও ঊৰ্ধ্বমুখী ৰেখা টানি নিজৰ অস্তিত্ব পুনৰাই জাহিৰ কৰি দি পুনৰাই এই কথা প্ৰমাণ কৰি দেখুৱাইছে যে ভবিষ্যতত অৰ্থনৈতিক ক্ষেত্ৰখনত ইয়াৰ যোগদান বা ভূমিকা অপৰিসীম হʼব। যাৰ বাবেই আপোনালোকলৈ বুলি এই লেখা । 

ক্ৰীপট'কাৰেঞ্চী বুলি ক’লে সাধাৰণতে সেই অংকীয় মূদ্ৰাক বুজায় যি মূদ্ৰা বিকেন্দ্ৰীকৃত তথা ব্যক্তিগত ভাবে লেন-দেন কৰোঁতে ব্যৱহাৰ কৰা হয় যাৰ তথ্য এটি ক্ৰীপট'গ্ৰাফীৰ দ্বাৰা পৰিচালিত হয়। যাৰ ভিত্তি বিকেন্দ্ৰীকৃত মালিকীস্বত্ব। অৰ্থাৎ লেন দেনৰ কোনো কেন্দ্ৰীয়কৃত অধীকাৰী বা গোটৰ দ্বাৰা পৰিচালিত নহয়।যেনে চৰকাৰ বা বেংক আদি প্ৰতিষ্ঠান।  মানে এই মূদ্ৰা এক প্ৰকাৰৰ সম্পত্তি যাক কোনেও (বেংক বা চৰকাৰে) হকা বধা বা এটা পৰিসীমাৰ ভিতৰত বান্ধি ৰাখিব নোৱাৰে। কিয়নো ই ব্যক্তিগতভাৱে মালিকীস্বত্বৰ ওপৰত ভিত্তি কৰি সৃষ্টি কৰা হয়। ইয়াক আপুনি বা ময়ো সৃষ্টি কৰি প্ৰচলন কৰি আনকো ইয়াৰ অংশীদাৰ কৰিব পাৰোঁ। ইয়াক কম্পিউটাৰ নেটৱৰ্ক বা কম্পিউটাৰৰ জালৰ ভিতৰতে সৃষ্টি, বিনিময় কৰিব পাৰে বা তাৰ ভিতৰতহে ইয়াৰ মূল্য পোৱা যায়। 
               ক্ৰীপট'গ্ৰাফীৰ অৰ্থ হৈছে কোনো সাংখ্যিক বা অংকীয় ব্যৱস্থা। এই ব্যৱস্থাৰ বাবে আখৰৰ সলনি অংক ব্যৱহাৰ হয় যাক এক বিশেষ ধৰণৰ গঠনত গঢ় দি সৃষ্টি কৰা হয়। এই গঠনটোক ব্লকচেইন বোলে। যিটো যথেষ্ট সুৰক্ষিত।ই এক ধৰণৰ অংকীয় মূদ্ৰাৰ হিচাপৰ বহী। ইয়াৰ প্ৰতিটো লেনদেনৰ তথ্যৰ সমষ্টিক নকল কৰি সমগ্ৰ ইন্টাৰনেটত বা কম্পিউটাৰৰ জালৰ বিভিন্ন অংশত এটা গোটৰ পাছত আন এটা গোট পদ্ধতিৰে জমা কৰা হয়। যাক নকল, সম্পাদনা বা সলনি কৰাটো প্ৰায় অসম্ভৱ বুলি ভবা হৈছিল যদিও ই অসম্ভৱো নহয়। বিভিন্ন কোম্পানী এই ব্লক চেইন ব্যৱসায়ত জড়িত হৈ পৰিছে। ইয়াৰ সৈতে এটা আংশিক বা উপাংশ জড়িত হৈ আছে যাক ছচিয়েল চেইন বোলা হয়। য’ত কোনো গোট বা ব্যক্তিৰ সামাজিক তথ্যবোৰ যি বিশ্বাসযোগ্য ব্যক্তিয়ে প্ৰদান কৰি নিজৰ তথ্যৰে সামাজিক গোটত অন্তৰ্ভুক্ত হয়। যেনে-পাই( Pi)। যাক ব্লকচেইনত সঞ্চয় কৰা হয়। 
                বৰ্তমান বিভিন্ন ব্লকচেইনত বিভিন্ন ধৰণৰ অংকীয় মূদ্ৰাৰ প্ৰচলন হৈ আছে যেনে বিটকইন, ডজকইন, ইথেৰিয়াম, কাৰডানো, বিটকইন কেচ, লাইটকইন, টিঠাৰ, মনেৰো, এক্স আৰ পি, বিটকইন গল্ড, ট্ৰণ, ই অ এচ, বিনাঞ্চ কইন, ষ্টেলাৰ, ইথেৰিয়াম ক্লাছিক, ডেছ,  কইনি, পিৰকইন, মাজা কইন, নেম কইন, নিঅ, অৰৰা কইন আদি।
               বৰ্তমান কিছু কিছু দেশে বা তেওঁলোকৰ ষ্টক এক্সচেঞ্জত ইয়াক ষ্টক হিচাপে ব্যৱসায় আৰম্ভ কৰিছে তথা কাগজী মূদ্ৰাৰ সৈতে সলনি কৰিব পৰাকৈ ইয়াৰ মান নিৰ্ধাৰণ কৰিব বিচাৰিছে । ভাৰতত ইয়াক কেন্দ্ৰীয়কৰণ বা মূল্যায়ন নকৰি ইয়াৰ লেন-দেনৰ ওপৰতহে ৩০% কৰ আৰোপ কৰাৰ চিন্তা ভাৰত চৰকাৰে কৰিছে। যিটো পুৰণি মদক নতুন বটলত ভৰাই প্ৰকাশ কৰা এটা প্ৰথাৰ উৎকৃষ্ট উদাহৰণ। 

উৎস:ইন্টাৰনেট
সংগ্ৰাহক : নীল প্ৰজাপতি 
জাগীৰোড

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)