গ্ৰন্থ অধ্যয়ন আৰু মানসিক স্বাস্হ্য, সামাজিক উত্তৰণ ইত্যাদি | চেংখাম ফুকন

সদ্য প্ৰকাশিত এটা আমেৰিকান গৱেষণা সংস্থাৰ এক গৱেষণা অনুসৰি গ্ৰন্থ অধ্যয়নে মানুহৰ মানসিক স্বাস্থ্যৰ উন্নীতকৰণত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই । এই গৱেষণাই  প্ৰমাণ কৰিছে যে প্ৰতি দিনে কেৱল মাত্ৰ ৬ মিনিটৰ গ্ৰন্থ অধ্যয়নেও মানুহৰ মানসিক চাপ হ্ৰাস কৰা আৰু গভীৰ নিদ্ৰা লাভৰ ক্ষেত্ৰত অৱদান আগবঢ়াই। অধ্যয়নে মানুহৰ মানসিক ক্ষমতা বা mental ability বৃদ্ধিটো সহায় কৰে। গ্ৰন্থ অধ্যয়নে যে সাধাৰণ মানুহৰ মানসিক স্বাস্থ্যৰ লগতে এটা জাতিৰ মানসিকতাটো প্ৰভাৱ পেলাই সেয়াও মনকৰিবলগীয়া।  বিংশ শতিকাৰ শেষৰফালে ইউৰোপীয় দেশ সমূহৰ বৌদ্ধিক মহলৰ আলোচনাগৃহত শীতল যুদ্ধ অথবা আমেৰিকান আধিপত্যতাতকৈ অধিক ঠাই পাইছিল নতুন প্ৰজন্মৰ মাজত গ্ৰন্থ অধ্যয়নকলৈ জগা নৃষ্পৃহাক লৈ হে। গ্ৰন্থ অধ্যয়নে সবল মানসিকতাৰ সৃষ্টি কৰে । প্ৰতিগৰাকী মহান নেতা বা পথ প্ৰদর্শকৰ মানসিক পৰিকাঠামো সৃষ্টিত গ্ৰন্থই কেনে অসামান্য অৱদান আগবঢ়াই আহিছে সেয়া সৰ্বজনবিদিত ।

যি মানুহে কিতাপ পঢ়িব জানে সেই মানুহে জীৱন উদ্‌যাপন কৰিব জানে, সেইজন মানুহে পৃথিৱীক বুজে । এখন ভাল কিতাপে মানুহ এজনৰ জীৱনত বহু ধৰনেৰে প্ৰভাৱ পেলাব পাৰে । এজন শিশুৱে পঢ়া কোনো গ্ৰন্থই তেওঁৰ পৰৱৰ্তী সমগ্ৰ জীৱনৰ বাবে পথ প্ৰদৰ্শক হ’ব পাৰে , জীৱনৰ প্ৰতি জন্ম পাব লগীয়া তেওঁৰ দৃষ্টিভংগীত প্ৰভাৱ পেলাব পাৰে । 
এখন গ্ৰন্থ অধ্যয়ন কৰাৰ পিছত যি মানসিক পৰিতৃপ্তি লাভ কৰা যায় সেইয়া অনন্য ।
বিভিন্ন জনে বিভিন্ন উদ্দেশ্য আগত ৰাখি অধ্যয়ন কৰে । কোনোজনে অধ্যয়নৰ জৰিয়তে নিজকে অন্য পৃথিৱীত হেৰুৱাই পেলাব বিচাৰে, অন্যজনে শান্তি বিচাৰি, সুখ বিচাৰি, হয়তো সান্তনা বিচাৰি অধ্যয়ন কৰে ।  অন্যহাতে কোনোজনে কিবা এটা জানিবৰ বাবে শিকিবৰ বাবে অধ্যয়ন কৰে । কোনোজনৰ বাবে হ'ব পাৰে ই  অৱকাশৰ মাধ্যম অন্যজনৰ বাবে হ'ব পাৰে ই জ্ঞান আহৰণৰ মাধ্যম । আৰু এনেদৰেই বিভিন্ন উদ্দেশ্য আগত ৰাখি কৰা গ্ৰন্থ অধ্যয়নৰ অভ্যাসে অধ্যয়ন কৰোতাৰ জীৱনত অৰ্থৱহ প্ৰভাৱ বিস্তাৰ কৰি যায়, লগতে দি যায় মানসিক পৰিতৃপ্তি ।
পঢ়ুৱৈ সকলে পঢ়াৰ সময়ত এনে এক অনুভৱ লাভ কৰে যেন জীৱনৰ সকলো দুখ, হতাশাৰ পৰা নিলগত তেওঁ অন্য এক পৃথিৱীত বিচৰণ কৰি আছে । ছাত্র ছাত্রী সকলৰ ওপৰত হোৱা এক গৱেষনাৰ মতে আধা ঘন্টাৰ অধ্যয়নৰ পিছত ছাত্ৰ -ছাত্ৰীৰ মানসিক চাপ( stress) যথেষ্ট পৰিমাণে হ্ৰাস পায় ।
বহুজনে মানসিক বিশ্ৰাম, সান্তনা বিচাৰি অধ্যয়নৰ পথ বাচি লয় । জীৱনত জটিল পৰিস্হিতিৰ সন্মুখীন হৈ হতাশাত ভুগা পঢ়ুৱৈ ৰ বাবে কিতাপৰ কাহিনীৰ চৰিত্ৰৰ সেই তেনে পৰিস্হিতিৰ সন্মুখীন হোৱা অৱস্থাৰ অধ্যয়ন যথেষ্ট পৰিমানে সহায়কাৰী, সান্তনাদায়ক হ'ব পাৰে । 

গ্ৰন্থ অধ্যয়নে এজন ব্যক্তিৰ লগতে সমাজৰ ওপৰতো ধনাত্মক প্ৰভাৱ বিস্তাৰ কৰে । অধ্যয়নে মানুহক সহানুভূতিশীল কৰে । অন্য এজন ব্যক্তিতকৈ এজন অধ্যয়নশীল ব্যক্তিৰ বুজন ক্ষমতা অধিক । তেনে ব্যক্তিত্ব সমাজৰ বাবে অত্যন্ত প্ৰয়োজনীয় । 

অৱশেষত ক'ব পাৰি যে , জীৱনৰ অৰ্থ বুজি উঠাৰ আগমূহুৰ্তৰ পৰা জীৱনৰ শেষ সময়ৰলৈকে গ্ৰন্থ অধ্যয়নৰ অভ্যাস এজন ব্যক্তিৰ বাবে সকলোতকৈ বিশ্বাসযোগ্য , প্ৰশান্তিদায়ক, পথ প্ৰদৰ্শক সংগী হ'ব পাৰে ।

বৰ্তমান সময়ৰ প্ৰেক্ষাপটত শিশুসকলৰ মাজত, কিশোৰ- কিশোৰী সকলৰ মাজত নিজ পাঠ্যক্ৰমৰ বাহিৰে অন্য গ্ৰন্থ অধ্যয়নৰ প্ৰতি হাবিয়াস যথেষ্ট পৰিমাণে কম দেখা যায়, এইয়া ভৱিষ্যত প্ৰজন্ম তথা ভৱিষ্যত সময়ৰ বাবে যথেষ্ট চিন্তনীয় ।  মানৱীয়তাৰ প্ৰমূল্যবোধৰ সংকট, সামাজিক সহানুভূতিৰ অস্তিত্বৰ সংকট, মানসিক চাপৰ বাবে ভয়াৱহ অৱস্থা, আত্মহত্যা আদিৰ দৰে ভয়াৱহ ঘটনা বৃদ্ধিৰ সময়ছোৱাত গ্ৰন্থ অধ্যয়নৰ অভ্যাসৰ কচৰৎ আমাৰ সকলোৰে বাবে অত্যন্তই প্ৰয়োজনীয় । 

সামাজিক উত্তৰণ, মানসিক উত্তৰণৰ মহৌষধ এই গ্ৰন্থ অধ্যয়নৰ অভ্যাস।
                              
 ✍️ চেংখাম ফুকন
ছাত্রী, ডিব্ৰুগড় বিশ্ববিদ্যালয় 

1 Comments

Previous Post Next Post