সাৰে আছো মই | সীতা দেৱী

©Admin
0
মাজনিশা জিলিৰ অহৰহ ক্ৰন্দন,
শীতৰ সেমেকা ৰাতি।
সাৰে আছো মই,
কঁঠাখন টানি টানি লৈছোঁ ।
তৰাবোৰো সাৰে আছে,
নিস্তেজ আৰু সেতা।
আৰু মই,
পোণাকনক সাৱটি লৈছোঁ ,
জোৰে আৰু জোৰে।
উৰ্বৰা বুকুখনত আৰ্তনাদ,
পোণাকনৰ পেটৰ কলমলনি,
টোপনিতে  ছটফটাই  আছে।
ক'ব নোৱাৰাকৈ মোৰ চকুৰে
চকুলো বৈ আহিছে।
নিৰবধি ভাগ্য, শুকান জীৱন,
শূণ্য আৱৰণত ৰুদ্ধ কলিজা।
অব্যক্ত বেদনা
মানসিক চেপা উত্তেজনা।
ঘন ৰহস্যত আবদ্ধ
মোৰ জীয়া সংগ্ৰামৰ দস্তাবেজ।
পোণাকনে ছটফটাই আছে,
হয়তো সাৰ পাব....

আৰু কান্দিব....!
ফেঁচা এটাই কুৰুলিয়াই গ'ল।
আৰু আকৌ এটা নিষ্ঠুৰ প্ৰভাতৰ
জন্ম হ'ব....!!!!!!

        ✍️  সীতা দেৱী, 
বিহপুৰীয়া,লখিমপুৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)