ৰহস্যময়ী জাতিংগা | ক্ষীৰোদ মণি মহন

আমি জানো যে পক্ষীকূলৰ আত্মহত্যাৰ ঠাইখনৰ নাম জাতিংগা। কিন্তু কিয়নো এই জাতিংগা খন পক্ষীকূলৰ আত্মহননৰ ঠাই হ'ল এই বিষয়ে সঠিককৈ নাজানো। আহক আমি এই লেখাটোৰ জৰিয়তে অলপমান উপৰোক্ত বিষয়টোৰ অলপ আভাস ল‌ওঁ। 
  
           ডিমা হাছাও জিলাৰ এখন পাহাৰীয়া ঠাইৰ নাম হ'ল ---- জাতিংগা । হাফলং ৰ পৰা এই ঠাইখন ৯কিলোমিটাৰ দূৰৈত অৱস্থিত। আৰু এই ঠাইখন সমগ্ৰ বিশ্বৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। এই গোটেই অঞ্চলটোৰ অপূৰ্ব প্ৰাকৃতিক সমাহাৰেৰে সৃষ্টি কৰা বিৰল নৈসৰ্গিক পৰিৱেশেও যথেষ্ট শোভাবৰ্ধন কৰাত বহুখিনি বৰঙণি আগবঢ়াইছে। সমুদ্ৰপৃষ্ঠৰ পৰা প্ৰায় ২.৬০০ফুট উচ্চতাত অৱস্থিত জাতিংগাৰ সৌন্দৰ্য্য প্ৰায় ৬.০০০ফুট উচ্চতাত থকা বৰাইল পৰ্বতমালাৰ উচ্চ শৃংগটোৱে আৰু দুগুণ বৃদ্ধি কৰিছে। ইতিহাসৰ পাতত যদি জাতিংগাৰ পৃষ্ঠাখনত এবাৰ চকু ফুৰাও তেতিয়া আমি জানিবলৈ পাওঁ যে জাতিংগা শব্দটো জেমি নগা সকলৰ ভাষাৰ পৰা উৎপত্তি হৈছে। ইয়াৰ অৰ্থ হল বৰষুণ আৰু পানীৰ গতিপথ । আকৌ আন কিছুমানৰ মতে জাতিংগা শব্দটোৰ অৰ্থ হ'ল বায়ুপ্ৰবাহ। উল্লেখযোগ্য যে ঐতিহাসিক দৃষ্টি কোণৰ পৰা চালে আমি এটা কথা গম পাওঁ যে ঊনবিংশ শতিকাৰ শেষলৈকে জাতিংগাত জেমি নগা সকলে বাস কৰিছিল। আৰু এই জেমি নগা সকলেই প্ৰথমবাৰৰ বাবে পক্ষীকূলৰ আত্মহত্যাৰ এই আচৰিত ঘটনাটো লক্ষ্য কৰিছিল। জেমিসকলে এবাৰ তেওঁলোকৰ‌ এক ধৰ্মীয় উৎসৱত নিশা জুই জ্বলাওঁতে বহু চৰাইয়ে জুইৰ পোহৰৰ প্ৰতি আকৰ্ষিত হৈ আত্মজাহ যোৱা দেখি এয়া এক ভৌতিক আৰু অলৌকিক কাণ্ড বুলি ভয় খাই সেই ঠাই ত্যাগ কৰিছিল।
              জেমি নগা সকলৰ দৰে এইবাৰ জয়ন্তীয়া সকলেও উক্ত ঘটনাবোৰ প্ৰত্যেক্ষ কৰি নেদেখা জনৰ লীলা বুলি অভিহিত কৰিছিল। বহুদিন যোৱা পিছত জাতিংগাত বাসিন্দা সকলৰ মনত কিছুমান বেয়া চিন্তা ভাৱধাৰা আহিব ধৰিলে ।আৰু তেতিয়াৰে পৰা তেওঁলোকে জুই জ্বলাই নিশা চৰাইবোৰক আকৰ্ষিত কৰি হাতত লাঠী লৈ চৰাইবোৰক কোবাই হত্যা কৰি ভোজন কৰি আহিছে। তাৰোপৰি পোহৰৰ উৎস সমূহৰ চাৰিওফালে থকা চৰাইবোৰক কেটেপা বা ধনুৰ সহায়ত হত্যা কৰিবলৈ ধৰিলে।
      WILD LIFE OF INDIA (1957) নামৰ গ্ৰন্থত জাতিংগাক পোন প্ৰথমবাৰৰ বাবে বিশ্বৰ আগত উপস্থাপন কৰাত আমি প্ৰথমে নাম ল'ব লাগিব ইংৰাজ চাহ খেতিয়ক লগতে প্ৰকৃতিবিদ  EP GEE ৰ। তেওঁ প্ৰসিদ্ধ ORNITHOLOGIST চেলিম আলীৰ সৈতে জাতিংগা ভ্ৰমণ কৰি জাতিংগাৰ ওপৰত অধ্যয়ন কৰিছিল। তেওঁ এই গোটেই ঘটনাটোক অস্বাভাৱিক বুলি বৰ্ণনা কৰিছে। আনহাতে 1977 চনত GEOGRAPHICAL SURVEY OF INDIA ৰ বিষয়া ড এছ সেন গুপ্তাই জাতিংগা পৰিভ্ৰমণ কৰি এই ঘটনাটোক ইউৰোপ আমেৰিকা আৰু জাপানৰ পক্ষীবিদসকলৰ দৃষ্টিগোচৰ কৰাইছিল। উল্লেখযোগ্য যে এই জাতিংগা খনৰ মূল বৈশিষ্ট্যই হ'ল পক্ষীকূলৰ আত্মহনন। ইয়াত বিভিন্ন ধৰণৰ চৰাইৰ মৃত্যু হয় তাৰ ভিতৰত মাছৰোকা,বগলী,কঁপৌ,ডাউক,হাইঠাঁ,বুলবুলি আদি।
            
 সি যিকি নহ‌ওক আপোনালোকক আটাইতকৈ আমোদজনক কথাটো জনাইছোঁ আমি যদি এটা বন্ধ কোঠালীৰ ভিতৰত থাকো তেতিয়া আমি ক'লা ৰঙৰ বাদে একো নেদেখোঁ। সেই ক'লা ৰঙৰ মাজতে যদি আমি পোহৰ দেখো তেতিয়া আমি কি কৰোঁ  ? তেতিয়া আমি অন্ধকাৰৰ মাজেদি উজুতি-মুজুতি খাই হ'লেও পোহৰ দেখা ঠাইখনলৈ যাবলৈ চেষ্টা কৰোঁ। ঠিক সেইদৰে জাতিংগাৰ এই চৰাইবোৰৰ আত্মহত্যাৰ নিচিনা এই অস্বাভাৱিক মৃত্যু সম্পৰ্কত এটা শেহতীয়া তথ্যৰ মতে -- ঘন কুঁৱলী আৰু বতাহত চৰাইবোৰে আচলতে গতিপথ হেৰুৱাই দিশহাৰা হৈ পোহৰ উৎসলৈ ধাৱমান  হয় আৰু এনেকৈ পোহৰলৈ আহোঁতে চৰাইবোৰে য'তে-ত'তে খুন্দা খাই আঘাতপ্ৰাপ্ত হয়।
    

Post a Comment

Previous Post Next Post