তয়ো নাচনী উজনিৰ, ময়ো ঢুলীয়া নামনিৰ-নাছিৰ আহমেদ

Aditi Tanti
0
তয়ো নাচনী উজনিৰ, ময়ো ঢুলীয়া নামনিৰ।
তই নাচ খামুচিয়া কঁকাল ঘূৰাই ঘূৰাই,
 জিঞা পখিলীৰ দৰে বতাহত উৰি উৰি ;
ময়ো ঢোলত চাপৰ মাৰোঁ টাক ধিনা ধিন ধিন কৰি
তোৰ নাচোনৰ তালে তালে ঢুলি ঢুলি।

তোৰে মোৰে চকুযুৰি মিলি
যেন এটি পদুম ফুলৰ প্ৰস্ফুটিত কলিটি,
তোৰে মোৰে বেঁকাবেঁকি চেলাউৰি
যেন মেঘৰ আঁৰত লুকাই থকা পূৰ্ণিমাৰ জোনটি,
তোৰ বুকুৰ ওখ গঢ়া শৃঙ্গৱেদি আহিল ভটিয়াই
জাঁজী,ভোগদৈ, ধনশিৰীৰ খৰস্ৰোতা নদী
মোৰ বুকুৰ সমতল ভূমিয়েদি উজাই গলগৈ
জিঞ্জিৰাম,জিনাৰী , লুইতৰ ধীৰ ,প্ৰৱাহমান গতি ।
দুয়ো আহি মিলি গলো নগাঁৱৰ কপিলী নদীত।

তয়ো নাচনী উজনিৰ, ময়ো ঢুলীয়া নামনিৰ।

তোৰ গাত ফাগুনৰ উতলা যৌৱনৰ ৰাগী লাগি 
তই পলাশ, শিমলু, মদাৰ হৈ উঠিলি ফুলি 
 ৰঙচুৱা আভাৰে আৱৰি ধৰা মোৰ হৃদয়-কাননত!
আকৌ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পাৰে পাৰে
ঐ মোৰ নাচনী তই হলি এজোপা কৃষ্ণচূড়াৰ পাহি !

আহ, আগবাঢ়ি আহ ! মোৰ প্ৰাণ-সখী !
হাতে হাত ধৰি, কান্ধত কান্ধ মিলাই
দুয়ো গাই যাওঁ ফাগুনৰ মন উতলা গান ,
 জীৱন, যৌৱনৰ জোৱাৰ তোলা গান,
উজনি-নামনিৰ প্ৰেম -ভ্ৰাতৃত্ব আৰু সমন্বয়ৰ গান ;
তই নাচনীৰ নাচোনৰ মন কাঢ়ি লোৱা ছন্দে ছন্দে ,
মই ঢুলীয়াৰ প্ৰেমৰ লয়লাস মধুৰ ভংগীৰে------

আমাৰ প্ৰেম হওঁক চিৰ শান্তিময়, চিৰ যুগমীয়া !
আমাৰ প্ৰেম হওঁক চিৰ শান্তিময়, চিৰ যুগমীয়া !!

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)