বিহুৰ বতৰা -সমুজ্জ্বল ডেকা

Aditi Tanti
0
মাঘ বিহু ভোগালী...
কাতি বিহু কঙালী...
অতিকৈ আপোনৰ 
চেনেহৰ ৰঙালী।
মাঘ বিহুৰ উৰুকা...
পিছদিনা ভুৰুকা...
মেজিৰ অগ্নিৰে ৰাইজ
হৈ যায় জীৱনৰ ৰণুৱা।
ৰঙালী বিহুত গুঞ্জৰিত হয় চৌদিশে 
ঢোল-পেঁপা,গগনা আৰু কুলিৰ মাত,
বাপতিসাহোন বহাগ বা 
ৰঙালী বিহুৰ প্ৰকাৰ সাত।
উদং হৈ পৰে কাতি বিহুত
কৃষিজীৱী সমাজৰ ভোগৰ ভঁৰাল,
সোণালী শষ্য বৃদ্ধিৰ কামনাৰে 
পুনৰায় ভৰি পৰক কৃষকৰ ভঁৰাল।
তুলসীৰ তলত দিয়ে আশাৰ বন্তি,
বাস কৰিবৰ বাবে আই লক্ষ্মী।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)