প্ৰবল ঘূৰ্ণিজাকৰ পাছত,
মৰিশালিৰ নিস্তব্ধতা!
সিঁচৰিত হৈ ৰ'ল আশা বোৰ,
ঠন ধৰি উঠিবলৈ নৌপাওঁতেই,
কালধুমুহাই মোহাৰি পেলালে।
আয়ে দি যোৱা শৰীৰটো
নাই একো নিশ্চয়তা!
এটি, এটি কৈ অংগ বোৰো হেৰাই?
যৌৱনৰ শেষ প্ৰহৰত,
এটি মাথোঁ জীৱন্ত মৰাশ হৈ,
কিহৰ তাড়নাত এই জীৱন?
কিচিৰ,মিচিৰ, শব্দ কৰি,
উৰি গ'ল পক্ষী,বাহলৈ উভতি।
ধপধপাই গুচি গ'ল বাদুলিটো,
সন্ধিয়াৰ আন্ধাৰে ক্ৰমান্বয়ে গিলিব লাগিছে
আশাৰ জ্যোতি!
যুঁজিবলৈ ও নাই আৰু শক্তি,
অবশ দেহ,মন, দীৰ্ঘদিন অসুস্থতাৰ অন্তত,
গভীৰ নিৰাশাবোধে ধৰে আবৰি!
অনিশ্চিত ভৱিষ্যতৰ বাটত,
গৈছো আগবাঢ়ি ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ