ভেলেন্টাইন ডে' প্ৰাসংগিকতা-চিন্ময় ডেকা

প্ৰেমৰ দিন ভেলেণ্টাইন । আধুনিকতাৰ গ্ৰাসত পশ্চিমীয়া সংস্কৃতিক লৈছো আদৰি, যাৰ প্ৰাসংগিকতা সাম্প্রতিক সময়ত অতুলনীয়। বিশেষকৈ নৱপ্ৰজন্মৰ মাজত অধিক জনপ্ৰিয়তাৰ শীৰ্ষত ভেলেণ্টাইন ডে'। বিগত সময়ৰ দৰে আকৌ একুৰি দ্বিতীয় বৰ্ষত প্ৰায় সময় সমাগত ১৪ ফেব্ৰুৱাৰী। বিশ্বত অত্যাধুনিক টেকন'লজীৰে সজ্জিত বীজ অংকুৰিত কৰি প্ৰেমক-প্ৰেমিকাই এই দিনটি উদযাপন কৰে। ই হৈছে- প্ৰেম, ভালপোৱা, ভাতৃত্ববোধৰ দিৱস। দুটি জীৱনৰ বাটত দেখুওৱা নিবিড় সময়ৰ সম্পৰ্ক। যাক নুই কৰিবলৈ নোৱাৰি। প্ৰেম সকলোৰে  জীৱনলৈ আহে নিদিষ্ট সময়ত। কিন্তু বয়স অনুপাতে হ'লে ভাল। বিশেষকৈ এই ক্ষেত্ৰত সাম্প্রতিক সময়ত ভেলেণ্টাইন ডে' কিশোৰ-কিশোৰীৰ মাজত বেছিকৈ পালন কৰা দেখা পৰিলক্ষিত হয়, কিয়নো এই সময়ছোৱাত শিশু এজন চাৰিত্রিক দোষেৰে আবৃত হয়। এক কথাত মনোবিশ্লেষণকাৰীৰ তথ্য অনুসৰি কৈশোৰ কালছোৱাত ধুমুহা আৰু পিড়নৰ সময় বুলি গণ্য কৰা হয়। তদ্ৰুপ আমি সচেতন হোৱাটো অতিকে প্ৰয়োজনীয়। প্ৰেমে মানুহক অন্ধ কৰি পেলোৱা পৰিলক্ষিত হয়। একোটি জীৱন প্ৰেমিকাৰ অবৰ্তমানত মৃত্যু দিশলৈও উপনীত কৰাব পাৰে। প্ৰেমে মানুহৰ হৃদয় খন একোডাল জ্বলা মমবাতিৰ দৰে জ্বলি জ্বলি শেষ কৰিবলৈ বেছি সময় নলয়। ৰহস্যৰ আৱৰ্তনত একোটি পূণাংৰ্গ জীৱন নিমিষতে স্তব্ধ হৈ নিজৰ অস্তিত্ব হেৰুৱাবলৈ অকণো কুণ্ঠাবোধ নকৰে। যাক নৱপ্ৰজন্মৰ প্ৰতিজন প্ৰেমিক-প্ৰেমিকাই জনাটো উচিত। বৰ্তমান সময়ত মোৰ দৰে সমবয়সীয়া অজস্র বন্ধু-বান্ধৱী প্ৰেমত পৰি জীৱনত হাবু-দুবু খাই নিজক জলাঞ্জলি দিছে। নিজৰ লক্ষ্যস্থানৰ পৰা পৃথক হৈ সংসাৰ মায়াবন্ধনত মগ্ন হৈ পৰিছে। যিটো ভাবিলে আচৰিত লাগে, যিকণ বয়স নিজৰ কেৰিয়াৰ গঢ়াৰ দিশে আগবাঢ়িবলৈ লাগে, কিন্তু বৰ্তমান সময়ত সেই সময়ত একো-একোজন সন্তানৰ মাতৃ-পিতৃ। জীৱন দুদিনীয়া হয়, তথাপি নিজস্ব জ্ঞান, ৰুচি, অভিৰুচি তথা প্ৰতিটো কামত সহাস, দৃঢ়তা, আত্মমনোবল দি আগবঢ়াই দিয়াজনেই প্ৰকৃত প্ৰেমিক-প্ৰেমিকা। কিন্তু বৰ্তমান সময়ত কোন দিশে গৈছে আমাৰ দৰে তৰুণ প্রজন্ম। মোৰ বয়স একুৰি বছৰ। তথাপি বাৰুকৈয়ে মনত প্ৰশ্ন হয়? আজিৰ প্ৰেমে সচাঁ অৰ্থত দুটি জীৱনৰ সাহস ৰূপে থিয় দিয়েনে? যান্ত্রিকতা যুগত টকা অবিহনে যে, জীৱন অচল। এইকথা প্ৰতিয়মান কৰিব পাৰি এইক্ষেত্ৰত। ভেলেণ্টাইন ডে' যে, বৰ্তমান সময়ত এটি অসহিষ্ণুতাৰ বাতাৱৰণৰ সৃষ্টি কৰিছে নৱপ্ৰজন্মৰ মাজত এই কথা ঠিক, স্পষ্ট ভাষাৰে ক'ব পাৰি। 
সময় পৰিবৰ্তনশীল। সময়ৰ সোঁতত আমি সকলোৱে সলনি হওঁ। সলনি হয় আমাৰ বিবেক-অনুভূতি লগতে মন-মগজু। বৰ্তমান প্ৰেমিক-প্ৰেমিকাৰ মাজত প্ৰেমৰ নামত শাৰীৰিক সম্পৰ্কই অধিক দিশত ধাৱমান হোৱা পৰিলক্ষিত হৈছে। আজিৰ মানুহৰ মানসিকতা বোৰ ক্ৰমে শাৰীৰিক সম্পৰ্কতে সীমাৱদ্ধ হৈ পৰিছে। যিটো প্ৰেমৰ ভাষাত কলংক। ভেলেণ্টাইন ডে' বুলি বিভিন্ন জনে হোটেলৰ বন্ধ কোঠালিত নগ্নতাৰ প্ৰতিচ্ছবি প্ৰদৰ্শন কৰি নিজকে সুৰাত মাতাল হৈ নিজৰ অস্তিত্বক পাহৰি জীৱন শেষ কৰি পেলাইছে। এইক্ষেত্ৰত সকলোৱে অৱগত তথাপি নেদেখাৰ ভাও জুৰি নৱপ্ৰজন্মক প্ৰেমৰ নামত অন্ধকাৰৰ দিশলৈ অগ্রসৰ কৰোৱা নাইনে বাৰু? সচেতন মহলে। আঢ্যৱন্ত লোকে কালৈ কৰিব ভয়, কিন্তু পবিত্ৰ প্ৰেমবোৰ সমাজৰ পৰা হেৰাই যোৱাৰ দিশে উপক্ৰম হৈছে। আজিৰ দিনত ছোৱালী এজনীয়ে ধনী ঘৰৰ ল'ৰা পচন্দ কৰে, তথা বিবাহ পাশত আবদ্ধ হৈ যুগ্ম জীৱন আৰম্ভ কৰে, কিন্তু সচাঁ অৰ্থত সেই সম্পৰ্ক সুখী নে? সমাজত ধনী হ'লেই নহ'ব মানুহৰ মানসিকতা, আন্তৰিকতা আদি গুণবোৰ থাকিলেহে একোটি সুন্দৰ জীৱন সাৰ্থক হ'ব। তথাপি পবিত্ৰ প্ৰেমৰ দিৱস ভেলেণ্টাইন ডে' সোমাই থাকে দুটি মনৰ সহানুভূতিৰ ভাৱ। য'ত ভালপোৱাৰ মাজেৰে লুকাই থাকে মৰম আৰু বিশ্বাস।

Post a Comment

Previous Post Next Post