তেওঁ ফাগুন ভাল পাইছিল।
ফাগুনৰ বতাহে মোৰ আচল খহালে তেওঁৰ দুচকুৱে
বাট হেৰুৱাইছিল।
মোক জুমি চাব খোজা ৰ'দজাকৰ দৰে তেওঁ আছিল।
তথাপি ফাগুনৰ বৰষুণজাকত তেওঁ অকলেই তিতিছিল।
সৰাপাতে ভৰা বাটেৰে তেওঁ নিস্তব্ধ হৈ গৈছিল।
তেওঁ মোক বহু কথাই কৈ গ'ল।
বহুত কথা আজিও ক'বলৈ ৰ'ল।
তেওঁ নোকোৱা কথাবোৰে হৃদয়ত প্ৰায়ে খলকনি তোলে।
তেওঁ নোকোৱা কথাবোৰৰ বাবে এখন হৃদয় প্ৰতি নিশা সাৰে থাকে।
তেওঁ নোকোৱা কথাবোৰৰ বাবে এখন হৃদয়ে নিৰৱে উচুপে।
কথাবোৰ নোকোৱাকৈ তেওঁ কি প্ৰমাণ কৰি গ'ল?
হৃদয়ে এদিন বুজি পালে।
কিছুমান কথা হয়তো নোকোৱাকৈয়ে চলে।
◼️পাখি বৰদলৈ
ডিব্ৰুগড় বিশ্ববিদ্যালয় ।
বহুত ভাল লাগি।
ReplyDeleteধন্যবাদ
Delete