কিম্বদন্তিত চিমি লাখাঙ আৰু ডিভাইন মেডনেচ খণ্ড - ৩ | চুমিন্দ্ৰ চৌধুৰী

©Admin
0
পৰৱৰ্তীকালত ভূটান  তিব্বত, থাইলেণ্ড , ব্ৰহ্মদেশত  তৃতীয় বুদ্ধ আৰু পাশ্চাত্যৰ দেশত ডিভাইন মেড মেন বুলি খ্যাত হৈ পৰা মহাত্মা দ্ৰুকপা কুনলেৰ এই  যৌনগন্ধী ,অহৌবলিয়া আৰু অপৰম্পৰাগত অনুশীলনৰে বুদ্ধ তথা মোক্ষ লাভৰ চিন্তাধাৰাকে  সৰগীয় পগলামি তথা  ডিভাইন মেডনেচ বুলি  কোৱা হৈছে ।
    লবেচাৰ টিলাৰ ওপৰত থকা সোণালী চূড়াৰ লগতে হালধীয়া চালি আৰু বগা বেৰত সুন্দৰ ৰঙীন শিঠিল লিংগৰ ছবি আৰু কুন্ডত কটা  দুৱাৰ খীৰিকিৰে ৰঙীন প্ৰাসাদোপম চিমি লাখাঙ সচাঁই চালে চকু ৰোৱা । চৌদিশে বতাহত  উৰি থকা ৰঙ বিৰঙৰ  মন্ত্রপুত বিভিন্ন আকাৰৰ পতাকা আৰু অত্যন্ত চাফ চিকুণ প্ৰশান্তিময় পৰিবেশৰ মাজত মন্দিৰটোৰ চোতালত উপস্থিত হৈয়েই নিজৰ দেহ মন শাঁত পৰি গৈছিল । বিভিন্ন দেশী বিদেশী পৰ্যটকৰে থাহ খাই আছিল যদিও মন্দিৰৰ ভিতৰত কাহ পৰি জীণ যোৱা নীৰৱতা আছিল।  সেইয়া আচলতে আছিল মহৎ বৌদ্ধ দৰ্শনৰ শৃংখলাবদ্ধ অনুশীলনৰ স্বভাৱত প্ৰদৰ্শন ।  মন্দিৰৰ ভিতৰত এটা বেদীৰ ওপৰত গুৰু দ্ৰুকপা কুনলেই নিজ হাতেৰেই বনোৱা এটা সৰু চোৰ্তেন, ধৰ্মাত্মা জনৰ কাঠৰ প্ৰতিমাৰ লগতে তেওঁৰ  মৰমৰ কুকুৰ সাঁচিৰ চিৰামিকৰ মূৰ্তি, মহাপ্ৰভু অমিতাভ, ভূটানৰ ৰাষ্ট্ৰপিতা  ঝাবড্ৰুঙ ন্ঙাৱাঙ নামগীয়াল আৰু বৌদ্ধ সত্বা অৱলোকিতেশ্বৰ  অৰ্থাত মহাপ্ৰভু অমিতাভৰ ১০৮টা অৱতাৰৰ মাজৰ এটা সত্বা পদ্মপাণিৰ ছবি ৰখা আছিল ।  মন্দিৰৰ ভিতৰত গুঞ্জিত হৈ থকা লামা সকলৰ বজ্ৰায়ণ বৌদ্ধ ধৰ্মৰ মন্ত্রোচাৰণ, ঘি চাকি আৰু সুগন্ধি ধূপচন্দনৰ গোন্ধ গোটেই পৰিবেশটো মায়াময় কৰি তুলিছিল ।  দেশী বিদেশী ভক্ত সকলে কাঠ অথবা মাটিৰে নিৰ্মিত  সৰু শিঠিল লিঙ্গ,চাকি ধূপ অৰ্পণ কৰিছিল । পুৰোহিত লামা এজনে হাতীৰ দাঁতৰে বনোৱা শিঠিল লিংগৰ প্ৰতিকৃতি এটাৰে ভক্তৰ মুৰত স্পৰ্শ কৰি মন্ত্র গাই আশীৰ্বাদ কৰিছিল।  দেশী বিদেশী ভক্তৰে গিজগিজাই থকা এটা প্ৰসিদ্ধ মন্দিৰ কিন্ত দৰ্শনাৰ্থীৰ  সকলে এপইচাও মাচুল দিব নালাগে। বৰঞ্চ মন্দিৰ লগত সংলগ্ন কাৰ্যালয়ত যোগাযোগ কৰিলে মন্দিৰৰ বিশ্ৰামগৃহত বিনামূল্যে থকা খোৱাৰ আৰু যোগাভ্যাস কৰাৰ ব্যৱস্থা আছে । মন্দিৰ চৌহদটো স্বচ্ছ পৰিৱেশটো থাকি যিকোনো এজন লোকে পৰমেশ্বৰৰ অৱস্থিতি অনুভৱ কৰিব পাৰিব।  কাৰণ স্বচ্ছতাৰ মাজতেই ভগৱান বিৰাজমান । মন্দিৰৰ চৌহদৰ বিভিন্ন ঠাইত ৰখা  ঘূৰি থকা মন্ত্র লিপিবদ্ধ কাঠৰ চকৰিবোৰ,  মাটিৰ ফলিত অংকিত প্ৰভূ দ্ৰুকপা কুনলেৰ জীৱন গাঁথা দেখি আৰু " ওঁম মনি পদ্মে হুঁম" মন্ত্রোচাৰণ শুনি অভিভুত হ পৰিছিলো । জন প্ৰবাদ আছে যে নিঃসন্তান দম্পতীয়ে এই সভক্তিৰে চিমি লাখাঙ ( Phallus Temple) দৰ্শন কৰিলে প্ৰভূ দ্ৰুকপা কুনলেৰ আশীৰ্বাদত সন্তানৰ মুখ দেখাৰ সৌভাগ্য ঘটে । 
ডিভাইন মেডনেচ অৰ্থাত সৰগীয় পগলামি পৃথিৱীৰ প্ৰায় সকলোবোৰ ধৰ্মতে বিভিন্ন চিন্তাধাৰাৰে অনুশীলন কৰা হয় ।

খ্ৰীষ্ট পূৰ্ব ৩৭০ মানতে গ্ৰীক দাৰ্শনিক প্লেটোৱে ৰচনা কৰা ফ্যড্ৰাচ নামৰ গ্ৰন্থখনত চক্ৰেটিছে বাখ্যা কৰা চাৰি ধৰণৰ থিয় মেনিয়া অৰ্থাত ডিভাইন মেডনেচ দৰ্শনৰ কথা উল্লেখ আছে । দাৰ্শনিক সকলে সাধাৰণতে জনসাধাৰণক উদ্বুদ্ধ কৰিবলৈ তলত উল্লেখ কৰা কৌশল অৱলম্বন কৰে ।
১৷ ভৱিষ্যতবাণীৰ আৰু যথাযথ  ফলাফলৰ দ্বাৰা
২৷ প্ৰয়োজনৰ সময়ত যাদুকৰী দক্ষতাৰে সমস্যা সমাধানৰ দ্বাৰা ।
৩৷ কবিতা আৰু গানেৰে উদ্বুদ্ধ কৰা ।
৪৷ প্ৰেমৰ উন্মাদনাৰে মোহাচ্ছন্ন কৰা । 

  সনাতন ধৰ্মৰ সন্যাস ঊপনিষদত ঊল্লেখ থকা অৱধূত দৰ্শন, ইচলাম ধৰ্মৰ চুফী অনুশীলন, চামানিজমৰ  চামা চিন্তাধাৰা আৰু খ্ৰীষ্টীয়ান ধৰ্মৰ চেৰিশ্ব পৰিঘটনা একো একোটা ডিভাইন মেডনেচৰ অনুশীলন বুলি ক'ব পৰা যায় । 
সকলোতকৈ উল্লেখযোগ্য কথাটো হ'ল যৌনগন্ধী ডিভাইন মেডনেচ দৰ্শনৰ দ্বাৰা উদ্বুদ্ধ ভূটানত নাৰী নিৰ্যাতন, যৌন উৎপীড়ন অথবা বলাৎকাৰ আদিৰ দৰে ঘৃণনীয় অপৰাধ নাই বুলিয়েই কব পাৰি ।  উদাৰ সমাজ ব্যৱস্থা আৰু  বৌদ্ধ দৰ্শনৰ দ্বাৰা অনুপ্ৰাণিত ভূটানৰ জনসাধাৰণৰ অমায়িক স্বভাৱ চৰিত্ৰ, শিষ্টাচাৰ আৰু নাৰীৰ প্ৰতি থকা শ্ৰদ্ধা আৰু সন্মান সচাঁই প্ৰসংশনীয় ।  গতিকে আহঁকছোন আমিও কাষৰীয়া দেশখনৰ দ্বাৰা উদ্বুদ্ধ হৈ নাৰী সকলক শ্ৰদ্ধা আৰু সন্মান কৰিবলৈ শিকো । এটা কথা ধুৰুপ যে নাৰী শক্তি অবিহনে এখন দেশ কেতিয়াও শান্তি আৰু সমৃদ্ধিৰ শিখৰত উপনিত হ'ব নোৱাৰে ।

ধন্যবাদ। 

✍🏻চুমিন্দ্ৰ চৌধুৰী
সাহিত্য অভিযন্তা,
নতুন দিল্লী ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)