আহঁকচোন আত্মাভিমান ত্যাগ কৰি প্ৰেমেৰে বান্ধো সকলোকে একেলগ কৰি- কিশোৰ পাঠক

©Admin
0
লিখনিৰ আৰম্ভণিতে বুদ্ধদেৱৰ এক মহান বাণী মনলৈ আহিছে-- 
" তোমাৰ বন্ধু বা পৰিচিতসকলৰ প্ৰতিয়েই নহয়, বিশ্বজগতৰ প্ৰতিটো জীৱৰ প্ৰতি নিজৰ হৃদয়ত বহন কৰিবা অহিংসা, দ্বেষহীন সহানুভূতি, প্ৰেম তথা কৰুণা৷"  
  কেৱল মাত্ৰ বুদ্ধদেৱেই নহয় আমাৰ গুৰুজনাইও প্ৰাণীক হিংসা নকৰাটোক সকলো পূণ্যত কৈ আগস্থান দিছিল৷ তেখেতৰ  মানৱপ্ৰেম  ইতৰ প্ৰাণীলৈকে বিয়পি পৰিছিল। সেয়েহে হয়তো গুৰুজনাই  উদাত্ত কণ্ঠৰে ক'ব পাৰিছিল--

 “কুকুৰ শৃগাল গদৰ্ভৰো আত্মা ৰাম
 জানিয়া সবাকো পৰি কৰিবা প্ৰণাম৷৷”

        চৰিত পুথিত পোৱা যায় যে -  এবাৰ গুৰুজনাই শিষ্য সকলৰ সৈতে  হাবিৰ মাজেৰে গৈ থাকোতে এটা হৰিণ ব্যাধৰ জালত বন্দী হৈ থকা দেখা পাইছিল। তেখেতৰ হৰিণটোৰ প্ৰতি দয়া উপজিল আৰু হৰিণটোক জালৰ পৰা মুকলি কৰি দিলে। কিন্তু হৰিণটোক মুকলি কৰাৰ লগে লগে ব্যাধজনৰ প্ৰতিও তেখেতৰ অন্তৰত দয়া ওপজিল। সেয়েহে সেই ঠাইত  ব্যাধজনৰ বাবেও তেখেতে  আধলি এটা ৰাখি আহিছিল৷
          গুৰুজনা সকলো ৰচনাৱলীতে প্ৰেম আৰু অহিংসাৰ এক নিজৰা নিৰৱধি বৈ থকা দেখিবলৈ পোৱা যায়। এই প্ৰেম আৰু অহিংসাৰ যোগেদিয়েই তেৰাই সকলোকে একতাৰ দোলেৰে বান্ধি এক মহান সমাজ গঠনত অহোপুৰুষাৰ্থ কৰিছিল। 
এইটো একেবাৰে সঁচা যে আত্মাভিমান ত্যাগ কৰি দয়া আৰু প্ৰেমেৰে আমি সকলোকে একতাৰ দোলেৰে বান্ধি এখন সুন্দৰ মানৱ মানৱ সমাজ গঠন কৰিব পাৰি।  মোৰ ব্যক্তিগত অভিজ্ঞতা  জড়িয়তেই  আজি এই কথা মই দৃঢ়তাৰ ক'বলৈ সক্ষম হৈছোঁ। 
      মোৰ প্ৰি ডিগ্ৰী পৰীক্ষাৰ সময়ৰ কথা। যি দিনা মোৰ দেউতাই আমাৰ মা আৰু সাতোটা সন্তানক এৰি ইহলীলা সম্বৰণ কৰিছিল। আমি চকুৰে ধোৱাঁ- কোঁৱা দেখিছিলোঁ। যিহেতু আমি সকলোকেইটা সন্তানেই সেই সময়ত ছাত্ৰ আছিলোঁ। আনহাতে দেউতাই আছিল ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী। 
         দেউতাৰ  মৃত্যু হোৱাৰ দিনা প্ৰায় সকলো শুভাকাংক্ষী আহি আমাক সান্ত্বনা প্ৰদান কৰাৰ লগতে সমবেদনা জ্ঞাপন কৰিছিলহি। কিন্তু এটা কথা মই মন কৰিছিলোঁ যে সেইদিনা মোৰ কাষত সৰুৰেপৰাই মোৰ লগতে একেলগে খেলি- মেলি ডাঙৰ হোৱা আমাৰ  গাঁৱৰে মোৰ নলে- গলে লগা বন্ধু এজনে মোক এষাৰো মাত দিবলৈ অহা নাছিল। খবৰ নোপোৱা বা কিবা অসুবিধাবশত আহিব পৰা নাই বুলি ভাৱি মোৰ আন এজন বন্ধুক তেওঁৰ খবৰ লবলৈ পঠাই জানিব পাৰিলোঁ যে বন্ধু জনে খৱৰটো পাইছে কিন্তু আহিবলৈহে  বিচৰাহে নাই। কথাটো জানিব পাৰি মনত অলপ দুখ পাইছিলোঁ যদিও হিন্দী চিনেমাৰ দাইলগ এটালৈ হঠাতে মনত পৰি গ'ল - " টেনচন লেনা নহী টেনচন দেনা হ্যেই।"      সেয়েহে এই বিষয়ে পিছত বন্ধু জনৰ পৰা কোনো কৈফিয়ৎ নিবিচাৰিলোঁ। 
     কিন্তু সময় বৰ কঠোৰ।
          মোৰ দেউতা ঢুকোৱাৰ প্ৰায় পাঁচ মাহ মানৰ পিচত মোৰ এই বন্ধু জনৰ দেউতাকৰো মৃত্যু ঘটিল। খৱৰ পায় মই প্ৰায় লগে লগেই বন্ধু জনৰ ঘৰত উপস্থিত হৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে শৱদাহৰ সাকলোখিনি ব্যৱস্থাত আগভাগ লৈ যাৱতীয় কামকাজখিনি সম্পূৰ্ণ কৰিলোঁ। গোটেইখিনি কাম সম্পাদন হোৱাৰ পিছত  বন্ধুজন মোৰকাষলৈ চুচুক- চামাককৈ আহি মোক সাঁৱটি ধৰি হুকহুকাই কান্দিবলৈ ধৰিলে। প্ৰথমতে মই অপ্ৰস্তুতহৈ পৰিছিলোঁ যদিও পিছমুহুৰ্ততে সুস্থিৰহৈ তেওঁক পুনৰ বুজাবলৈ ধৰিলোঁ। তেওঁ মোৰ দেউতাৰ মৃত্যুত মোৰ ওচৰলৈ অকণমান সমবেদনা জনাবলৈ নোযোৱাৰ বাবে  বাৰে বাৰে ক্ষমা খুজিবলৈ ধৰিলে আৰু বাৰে বাৰে তেওঁ কৰা দোষৰ বাবে অনুশোচনা কৰি মোৰ ভৰিত ধৰিবলৈ চেষ্টা কৰিলে। মই কিন্তু ভৰিত ধৰাৰ কোনো সুযোগ প্ৰদান নকৰিলোঁ আৰু সেই  কথাখিনি মই পাহৰি যোৱা বুলি কৈ তাৰ বাবে বন্ধুক  কোনো দুখ নকৰিবলৈ কলোঁ।
       বৰ্তমান মই আঁতৰত থাকো যদিও মোৰ বন্ধুজন মই গাঁৱৰ ঘৰলৈ গলেই মোক লগ পাবলৈ আহে আৰু  সকলোবোৰ বা- বাতৰি লয়হি। ময়ো তেওঁৰ পৰাই গাঁৱৰ সকলোবোৰ খবৰ বাতৰি পাই থাকোঁ।
        মোৰ এই কথাখিনি লিখাৰ মূল কাৰণটো হ'ল আমি যদি কোনোব্যক্তিকে শত্ৰুবুলি জ্ঞান নকৰোঁ, কাকোৱেই অমানৱীয় ব্যৱহাৰ নকৰোঁ, কোনোবাই মনত দুখ দিলেও তেওঁৰ প্ৰতি বিৰূপ মনোভাৱ পোষণ নকৰি মানৱীয় কৰ্তব্য পালন কৰোঁ  তেন্তে আমি সকলোৰে ওচৰত আদৰণীয় হ'ব পাৰোঁ। ইয়াৰ বাবে মাত্ৰ আমাৰ  যথেষ্ঠ  সহনশীলতাৰ প্ৰয়োজন হয়। এনে সহনশীলতাৰে আমি আনৰ মানসিকতাৰো পৰিৱৰ্তন কৰিবলৈ সক্ষম হ'ম। 
    আহঁকচোন  আমি সকলোকে প্ৰেম তথা কৰুণাৰে আমাৰ জীৱনৰ লগত বান্ধি পৃথিৱীখন সুন্দৰ কৰি তোলো।
         
                       ◼️হেমন্ত কিশোৰ পাঠক।
                          তেজপুৰ, ৭৮৪০০১
                          ফোন নম্বৰ- ৯৪৩৫১৮২৩১০.


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)