নীলা খামৰ চিঠি-পাপু শইকীয়া

©Admin
0
প্ৰতি , 
      মৰমৰ পখিলি , 
      ( হৃদয়ৰ সোণপখিলী)
 মৰমবোৰ শব্দত তিয়াই পঠিয়াইছোঁ , তুমি চাকনিৰে চেকি ল'বা । লিখা-নিলিখাৰ সন্ধিক্ষণত উলমি ৰয় বহু শব্দ প্ৰকাশিত - অপ্ৰকাশিত। সেই যে তুমি কোৱা "নকওঁ যোৱা তোমাক"।
স্মৃতিবোৰেই পুনৰ তোমালৈ লিখিবলৈ সাহস আৰু প্ৰেৰণা দিয়ে। গৰম পানী খিনিত চাহপাত দুটামান পৰি ৰঙীণ হৈ পৰে। তুমি চাগৈ হাঁহিছা-"কি যে কয় এইডালে"।

তোমাৰ উপস্থিতিৰ বতৰা দিবলৈ এয়া তুমি দিয়া মাৰ্ফলাৰ খন শীতৰ সেমেকা সন্ধিয়া বোৰত ডিঙিত মেৰিয়াই লৈছোঁ । মই দিয়া চুৱেটাৰটো তুমি নিপিন্ধা নেকি আজিকালি ? পুৰণি হ'ল চাগৈ ।
সিদিনা আবতৰীয়া শিল বৰষুণ জাকত তিতি জ্বৰত কটালোঁ পাঁচোটা দিন । সেই যে আপদীয়া কাহটো লগ নেৰা হ'ল ।
প্ৰতিটো দিনৰ হেঙুলীয়া পোহৰক সোধোঁ তোমাৰ বতৰা , জোনাকী ৰাতিবোৰত তোমাৰ সুখৰ কিমান তৰা ?
নিলিখোঁ বুলিও লিখিলোঁ তোমালৈ কিমান যে শব্দ ! তোমাৰ চাগৈ আমনি লাগিছে পঢ়ি ! লগৰবোৰক দৌৰি গৈ চিঠিখন নেদেখুৱাবা , উজুটি খাবা । কপালত চুটিকৈ কটা চুলি কেইডাল নামি আহিল , তুলি লোৱা ।
আৰু আছিল বহু কথা "এহ নকওঁ দিয়া আজি"। তোমাৰ ব্যস্ততাপূৰ্ণ জীৱনৰ একাঁজলি সময় উলিয়াই উত্তৰ দিবা মনত পৰিলে । চিঠিখনেৰে জাৱৰদানীটোৰ কলেৱৰ নবঢ়াবা ।

শেষত
পখিলা ভাল পোৱা
গৌণ প্ৰেমিক

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)