সময়ৰ কালচক্ৰত জীৱনটো বোৱতী সুঁতিৰ পৰা ক্ৰমান্বয়ে হেৰাই যোৱা যেন বোধগম্য হয় । লাহে লাহে দিন বাগৰি যোৱাৰ লগে লগে বয়সও ভটিয়াবলৈ ধৰে ।তেতিয়া অতীতৰ ল'ৰালি , কৈশোৰৰ , যৌৱনৰ , আদ বয়সৰ বুজাব নোৱাৰা মধুৰ স্মৃতিয়ে কেতিয়াবা বৰকৈ ৰিঙিয়ায় । ল'ৰালিৰ সেই সজীৱ মধুময় দিনবোৰ - য'ত মা-দেউতাৰ ছত্ৰছাঁয়াত থাকি আনন্দৰ মাজেৰে অতিবাহিত কৰি এৰি অহা এনাজৰীডাল ।
এটা সময় আছিল সপোন ৰাজ্যত বিচৰণ কৰি ৰঙীণ ডেউকা কোবাই আতুৰত থকা চৰাইৰ দৰেই মুকলি আকাশত উৰি উৰি...কি যে মাদকতাৰে ভৰা সেই দিনবোৰ । কিছুমান সুখ-দুখ , আশা-নিৰাশাৰ প্ৰতিশ্ৰুতি বোৰ এতিয়া চাকনৈয়াত । বয়স পাৰ হোৱাৰ লগে লগে লাহে লাহে শৰীৰটো অৱস , অলসতাপূৰ্ণ হৈ পৰে। মায়া-মোহত বন্দী হৈ ৰথৰ চকৰিটো পাৰেমানে ঘূৰালোঁ । সময় থাকোঁতেই সকলোৰে লগত সদভাবেৰে সু-সম্বন্ধবোৰ বজাই ৰাখিব লাগিব বুলি ভাবিছোঁ ।পৰিশ্ৰমেৰে অৰ্জা ধন-সম্পত্তি বৃদ্ধকালত ভোগ কৰিব নোৱাৰা অৱস্থা হ'ব । সেই সময়ত ধন-বিট ক'লৈ যাব ঠিকেই নাই । জীৱনটো টকাৰে গঢ়িব বা সম্বন্ধ গঢ় দিব নোৱাৰি । কেতিয়াবা ভয় হয় বৃদ্ধ অৱস্থাত দেহাটোৰ আলৈ-আথানি হ'ব নেকি ? শেষ অৱস্থাত বৃদ্ধাশ্ৰমতেই আশ্ৰয় ল'ব লাগিব নেকি ?হৃদয়ত উপলব্ধি কৰি মৰমৰ বান্ধোনেৰে বান্ধি ৰাখিবলৈ যত্ন কৰিলেও ভুল বুজাবুজি হ'ব নেকি ভাবি দেখোন পাৰেই নাপাওঁ । সেয়ে কবি যতীন্দ্ৰ নাথ দুৱৰাদেৱে লিখিছিল - "আজিয়েই দিয়া কাইলৈ কিয় ? কোনে জানে মোৰ কালি কি হ'ব ?
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ