জিলিকি জিলিকি উঠা সজীৱ ৰূপত
যেন প্ৰাণ চঞ্চলা হ'ব ধৰিছে।
মনৰ কলুষতাবোৰ আতঁৰি শিমলু ৰঙাবৰণ
তুলা হৈ উৰি ফুৰিছে সমীৰণৰ আভোশনত ,
প্ৰাপ্তিৰ আনন্দত আলফুলীয়া কল্পনা পিপাসুৰ
মনটোৰ সৈতে জড়িত থকা আনন্দ উপভোগ
কৰিবলৈ উদ্বাউল হ'ব ধৰিছে,,,,,,
ফাগুনীক ফৰকালে কামনাসিক্ততা কৰি তুলিব
বিচাৰে মদাৰৰ সৌন্দৰ্যৰ ৰেঙণি বুটলিবলৈ,,,,,,
চঞ্চলা হ'ব পাৰে ,
লঠঙা হৈ থকা মৃদু মলয়াই
টানিআজুৰি লৈ যাব বিচাৰিছে চাদৰৰ
আচঁলখনি !
শুকান বিৰিখৰ ডাল-পাতে ৰিঙিয়াই বিননী
তুলি বসন্ত ঋতুৱে আম, কঁঠালৰ মুচি কিম্বা
মলিয়াই থকা পুস্পৰ সুৱাসক।।
বনৰপক্ষীয়েও আশাপালি বাটচাই আছে
আপোন কণ্ঠস্বৰৰ চৰ্চ্চা ওঁঠত বিৰিঙাবলৈ,,
ধূলি মাকতি উৰুৱাই ধুসৰ যেন অনুভৱবোৰ
ফাগুণৰ মলয়াই নয়নাভিৰামৰ বসন পিন্ধিছে,
আপোন আপোন ভাৱৰ অযুত সপোন বাস্তৱত
ৰূপায়িত কৰিবলৈ ফাগুনী ফাগুনৰ অপেক্ষাত
প্ৰেমানন্দ মিচিকিয়া হাঁহিটিৰ সৈতে হৃদয়ৰ
ভাষাবোৰ ক'বলৈ উচপিচাই আছে।।।।।।