ঘৰবোৰত পৰি থকা শৱ বা ঘৰ-বাৰী এৰি পলাই যোৱা মানুহৰ এনে অকল্পনীয় ছবি অসমৰ পটভূমিত কেমুৰ প্লেগৰ বৰ্ণনাৰ দৰেই অতিশয় গুৰুত্বপূৰ্ণ। তাৎপৰ্যপূৰ্ণভাৱে মহামাৰীৰ এনে সংহাৰী ৰূপৰ লগতে অসমৰ দৰে ঠাইত সঘনাই হোৱা অন্যান্য প্ৰাকৃতিক দুৰ্যোগ যেনে বানপানী, খৰাং আদি তথা সমকালীন সামাজিক গাঁথনিৰ সুবাদত প্ৰবল ৰূপ ধাৰণ কৰা ৰজাঘৰীয়াৰ নিৰ্যাতন আৰু তাৰ বিৰুদ্ধে গণ অভ্যুত্থানৰ সংযুতিয়ে এই আন আন “আজাৰ” সমূহৰ বিশ্লেষণ উপন্যাসিকে সচেতন ভাৱেই কাহিনীৰ মাজলৈ লৈ আহিছে। উল্লেখযোগ্য যে সামাজিক জীৱনত অনুভূত গতিশীলতা- আহোমৰ শাসনৰপৰা ইংৰাজ শাসন তথা পৰৱৰ্ত্তী স্বৰাজোত্তৰ কাললৈকে সামৰি লোৱা এই সময়ছোৱা- ক’লাজ্বৰৰ ক্ষেত্ৰত স্হবিৰ আৰু পুনৰাবৃত্তিৰে ভৰপূৰ আছিল। ক’লাজ্বৰত প্ৰায় প্ৰত্যেক বছৰে মানুহ মৰিছিল কিন্তু তাৰপৰা পৰিত্ৰাণৰ উপায় উদ্ভাৱনৰ প্ৰক্ৰিয়া আছিল মন্থৰ আৰু সাধাৰণ মানুহৰ পৰিধিৰ বাহিৰত। ঘিণাইৰ সময়ৰ ভয়াবহতাৰ ছবিখন বুঢ়াদেউতাৰ দিনতো একেই আছিল। ক’লাজ্বৰৰ তাণ্ডৱৰ বাবেই তেওঁ গাঁও এৰি গোলাঘাটৰ বঙলালৈ গুচি আহিছিল। নীলকান্তৰ ভাষাত- “চাৰিওফালে এতিয়া বেমাৰটোৱে শিপাবলৈ আৰম্ভ কৰিছে পিতাদেউ। আমাৰ এই গোলাঘাট জিলাতে বহুতো গাঁৱত বেমাৰটো হৈছে। আমাৰ এইখন গাঁৱৰ সিমূৰৰ চুবুৰীতে এতিয়া বোলে তিনি-চাৰিটা ক’লাজ্বৰ বেমাৰী ওলাইছে।… প্ৰথমে বোলে এনেদৰেই আৰম্ভ হয়, এটা-দুটা বেমাৰী ওলায়। সেইকেইটা লেলাই-ধেন্দাই বহুদিন থাকে। ঘুৰঘুৰীয়া জ্বৰ গায়, চকুৰ আগতে ক’লা পৰি শুকাই-খীণাই আহে, পেটটো ওফন্দি আহে ঢোলটোৰ দৰে। তাৰপাছত একে সময়তে এলেকাটোত দহ-বাৰটা মানুহ একেলগে নৰিয়াত পৰিব আৰু তেতিয়াই মহামাৰী হ’ব।”
এনেধৰণৰ প্ৰত্যক্ষ ভয়াবহতাৰ উপৰিও আনুষংগিক অন্য ব্যাধি বা সংকট- যেনে ক্ষয়িষ্ণু সমাজৰ খাটি খোৱা মানুহৰ ওপৰত শোষণ, অন্ধবিশ্বাসৰ কবলত পৰি ক’লাজ্বৰৰ পৰা মুক্তি লাভৰ বাবে কৰা চেষ্টা- গৰুৱাৰ পত্নী আৰু জীয়ৰী, আহিনীৰ দৰে নাৰীসকলক আজাৰ ফুকোৱা ডাইনী সজাই গঞাই চলোৱা নিৰ্যাতন- আদি মহামাৰীৰ হাতত ধৰি বাঢ়ি অহা এনেবোৰ সামাজিক ব্যাধিৰ বৰ্ণনাই উপন্যাসখনৰ ঐতিহাসিক গুৰুত্ব বৃদ্ধি কৰিছে। অশিক্ষিত চহা লোকৰ জীৱনলৈ আজাৰে কঢ়িয়াই অনা এনেবোৰ প্ৰতিকূলতাৰ বিপৰীতে ইংৰাজ চাহাব আৰু মিচনেৰীসকলৰ “পশ্চিমীয়া” জ্ঞানৰ সমকালীন উপস্হাপন মন কৰিবলগীয়া। চাহাবহঁতে বাগানৰ বাট-পথবোৰ ৰোগগ্ৰস্ত গাঁৱৰ মানুহ সোমাব নোৱাৰাকৈ বন্ধ কৰি বাগানৰ “কুলী-কামলা”ক ক’লাজ্বৰৰ পৰা বচাই ৰখা, ৰেচনৰ নাটনিৰ আশংকাত সৰহকৈ ধান কিনি ৰাখি ধানৰ চাহিদা বঢ়োৱা, পশ্চিমীয়া চিকিৎসা বিজ্ঞানৰ সুবিধা নিৰ্বাচিত লোকৰ বাবে গ্ৰহণ কৰা আদি কাৰ্যৰ বিৱৰণে ‘নেটিভ’/ইংৰাজ ৰ এনে বিপৰীত সহাৱস্থানে সৃষ্টি কৰা আন আন সংকটৰ আভাস প্ৰদান কৰিছে।
এনেবোৰ বৈপৰীত্য আৰু প্ৰতিকূলতাই বুঢ়াদেউতাৰ নাতি মণিময়ৰ মনত এক নতুন সপোনৰ বীজ ৰোপণ কৰিছে আৰু সেয়া হৈছে- কলিকতাত ডাক্টৰী পঢ়ি ক’লাজ্বৰৰ বিষয়ে গৱেষণা কৰাৰ সপোন। গোলাঘাটৰপৰা কলিকতালৈ সামৰি লোৱা এই পৰিক্ৰমাত ক’লাজ্বৰৰ ঔপনিবেশিক ইতিহাস, ইয়াৰ চৰিত্ৰ তথা প্ৰতিকাৰ সম্পৰ্কীয় গৱেষণাৰ এক নতুন জগত পাঠকৰ সন্মুখত উন্মোচিত কৰিছে। লিঅ’নাৰ্ড ৰজাৰ্ছ, ৰ’ণাল্ড ৰচ, উপেন্দ্ৰনাথ ব্ৰহ্মচাৰী আদি চিকিৎসক-গৱেষকৰ যুগান্তকাৰী গৱেষণাৰ এই বৰ্ণনাও কেৱল ‘ৰোগ’ৰ ইতিহাস হৈ নাথাকি মণিময়-নিলাদ্ৰীহঁতৰ দৰে তৰুণ প্ৰজন্মৰ সমকালীন স্বাধীনতা আন্দোলনৰ অংশীদাৰ হোৱাৰ পথত সন্মুখীন হোৱা আদৰ্শগত দ্বন্দ- অহিংসাৰ নীতিৰ বিপৰীতে সশস্ত্ৰ সংগ্ৰাম- প্ৰেম, কৰুণা আৰু সমাজ ব্যৱস্থাত অন্তৰ্লীন হৈ থকা বৰ্ণ-বৈষম্যৰ দৰে এৰাব নোৱাৰা বাস্তৱৰ এক জটিল ছবিত পৰিণত হৈছে। মণিময়ৰ ক’লাজ্বৰ সম্পৰ্কীয় বিস্তৃত অধ্যয়ন, কলিকতাৰ পৰা চিকিৎসক হৈ আহি গোলাঘাটত চিকিৎসা সেৱা আগবঢ়োৱা আদি বৰ্ণনাৰ ফাঁকে ফাঁকে দ্বিতীয় বিশ্বযুদ্ধৰ দামামা আৰু স্বাধীনতা আন্দোলনৰ শেষ পৰ্যায়ৰ কুচ-কাৱাজ আদিৰ সাৱলীল চিত্ৰণ “আজাৰ”ৰ বিশাল পৰিসৰে সামৰি লৈছে।
এই সামগ্ৰিক চিত্ৰণত উপন্যাসিকে ক’লাজ্বৰ মহামাৰীক মূল আধাৰ হিচাপে গ্ৰহণ কৰিলেও মাথো এটা ৰোগৰ ইতিহাস হিচাপে স্বীকৃত হোৱাৰ অৱকাশ নেওচি ইতিমধ্যে কৈ অহাৰ দৰে ‘আজাৰ’ৰ এক ৰূপকীয় উপস্থাপনেৰে ক’লাজ্বৰৰ সমানেই ভয়াৱহ সামাজিক বৈষম্য, অন্ধবিশ্বাস, নৈৰাজ্য, যুদ্ধৰ অসূয়া, অজ্ঞতা আদি আন আন আজাৰ নিৰ্মূলৰ বাবেও আহ্বান জনাইছে। ইয়াৰ পৰিণতিত এই আজাৰবোৰে কোবাই যোৱা সাধাৰণ মানুহৰ জীৱনৰ স্বাভাৱিক ছন্দৰ আঁৰত লুকাই থকা সংগ্ৰামী চেতনা প্ৰতিফলিত কৰাত উপন্যাসিক সফল হৈছে। লিপিৱদ্ধ তথা প্রামাণ্য ইতিহাসে চুব নোৱাৰা দূৰত্বত ৰৈ যোৱা এই জটিল সামাজিক পৰিঘটনাৰ সৰল অথচ শক্তিশালী উপস্থাপনৰ বাবে “আজাৰ” অসমীয়া সাহিত্যত চিৰস্মৰণীয় হৈ ৰ’ব।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ