হালধীয়া সঁৰিয়হৰ জিলিকনি-চিন্ময় ডেকা

©Admin
0
কেঁচা কোমল পাতৰ
সেউজীয়া ৰেঙণি,
ভাৱত গধুৰ, মন মতলীয়া।
পদপথৰ কাষেদি বেহাৰ ফুলীয়া সোণোৱালী
"হালধীয়া সঁৰিয়হৰ জিলিকনি"
ৰূপে লাৱন্যময়ী
একোটি গছ-বিৰিখৰ,
সহস্ৰ সঁৰিয়হৰ সমাহাৰ।
অভূতপূৰ্ব পৰিবেশৰ আশ্চৰ্য্যকৰ
কিম্বা জহি-খহি যোৱা হৃদয়ৰ
যোৰা লগা এটি সময়
আহিবা এদিন সঁৰিয়হ ডৰা'লৈ,
চাই যাবাহি;
ওখোৰা-মোখোৰা আলি বাটে-পথে 
কোমলতাৰ পৰশত, দেহৰ ভাঁজত
উদ্ভাসিত হোৱা সপোনৰ পান'চৈ ঘাটত।
চহা লোকৰ জীৱন গাঁথা 
উখহা সাৰুৱা মাটিত
জীয়াই থকাৰ মাদকতা,
ভাতৃত্ববোধৰ এনাজৰীৰে বন্ধা
আলফুলীয়া পথাৰ গোন্ধত অযুত উদ্বিগ্নতা 
জন-জীৱনত জীয়াই থকাৰ মাথোঁ কৰ্মমূখী প্ৰেৰণা।
কৃষক আৰু মাটিৰ মিলনস্থলী 
"হালধীয়া সঁৰিয়হৰ জিলিকনি"

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)