নিস্বাৰ্থ প্ৰেম -ধৃতাশ্ৰী বৰ্মন

কেনেকৈ কওঁ,
প্ৰেম স্বাৰ্থপৰ বুলি। 
কেনেকৈ কওঁ, 
ভালপোৱাবোৰৰ অনুভৱ নাই বুলি।
সময়বোৰ সাঁতুৰি পাৰ হৈ গ'ল
মাথোঁ মই একে ঠাইত ৰৈ গ'লো!! 

এবাৰ নহয় হেজাৰবাৰ ক'ম
প্ৰেম নিস্বাৰ্থ। 
তোমাৰ সাহস আৰু প্ৰেৰণাই 
এটি কবিতাৰ সৃষ্টি কৰিলে। 

হয়টো সেয়াই প্ৰেম;
যাক নহওঁতেই 
শব্দবোৰ অনুভৱ কৰিব পাৰে। 

নেদেখাকৈ উপলব্ধি কৰিব পাৰে 
জীৱনৰ কাহিনী। 
হয় ভালপোৱাবোৰে 
কেৱল ভালপাব জানে।
নেদেখাকৈ, নুবুজাকৈ....... 

Post a Comment

Previous Post Next Post