আজি মই ভাগৰুৱা- উৎপল দাস

তেতিয়া মই সিহঁতৰ প্ৰয়োজন আছিলো, সিহঁত মোৰ যাত্ৰা পথৰ সহযাত্ৰী আছিল ।
  
আপোনবোৰ সপোন হৈ পৰিছে, জীৱনৰ তুলুঙা নাওখনৰ তলি ফুটি পানী উলাব ধৰিছে ।

বিয়োগাত্মক চিন্তাবোৰ দূৰ কৰি, জীৱনৰ গতি বৃদ্ধি কৰি সবল সংগ্ৰামত মই আগবাঢ়ো

মোৰ জীৱনৰ বাটত প্ৰতিজন প্ৰিয়জনক মৰমৰ সুবাস বিলোৱায়েই যে মোৰ ধৰ্ম । এই বাটত মই যে বাৰে বাৰে থমকি ৰও কিয়?

ভুল ক'ত মোৰ । 
মোৰ এটা বৃহত প্ৰশ্ন ? 

সফলতা দূৱাৰ দলিত সদায় মোৰ যাত্ৰা স্থবিৰ হৈ পৰিছে ।

মনৰ হেপাঁহবোৰ কঢ়িয়াই লৈ ফুৰিছো বহুদিনৰ ।

এইয়াই নেকি মানুহৰ জীৱন গাথাঁ । 
সুখ দুখ হাঁহি কান্দোনৰ খেলা

হাঁহিয়ে আমাৰ জীৱনৰ উৎস জীৱনৰ প্ৰেৰণা , সুন্দৰ কথা, মাত কথায়ে আমাৰ পৰিচয় ।

আজিৰ দিনত বহুত সুন্দৰ ভাবে জীৱন সংগম পাৰ কৰিবলে সবল ভেটিৰ প্ৰয়োজন, মোৰ ভেটিটো থৰক বৰক, 
মই ভাগৰুৱা ।

আজীৱন  জীৱনত কিবা এটা কৰা মানসিকতায়ে মোক পিছে পিছে খেদি ফুৰিছে । 

ৰনুৱা ঘোঁৰাৰ লেকাম ধৰি সীমা পাৰ কৰিব পৰা নাই । দৌৰি আছো দৌৰি আছো ।

             

Post a Comment

Previous Post Next Post