যেন হিমালয়ৰ পাদদেশত আভিজাত্যতাই উমান লৈছে জুইশালত দীন-হীনতাৰ
চহৰৰ পদ-পথত বস্ত্ৰহীন জীৱন
পুহ-মাঘ অথবা চ'তৰ নিদাঘ
কেৱল সিহঁতৰ বাবে মাহ-বছৰৰ নেওঁতা
সিহঁতে বুজি নুঠে
গৰম অথবা ঠাণ্ডাৰ তিব্ৰতা
কাৰণ সিহঁত যে----!
অন্নৰ ঠিকনা বিচাৰতেই অগচৰে হেৰুৱায়
অধিকাৰৰ ঠিকনা
সিহঁতে জানে চহৰৰ বুৰঞ্জী
নিলাম বজাৰ, যৌৱনৰ বিপণন থলী
মুখাৰ আঁৰত আভিজাত্যৰ নাঙঠ দৃশ্যপট।
ভোকবিলাসী জীৱন আৰু দৈন্নতাৰ শিকলি
সিহঁতে জুখি চায় জীৱনৰ তুলাচনীত
সিদিনা চহৰলৈ গৈছিলোঁ
মই দেখা চহৰখনৰ এতিয়া বয়স হৈছে
ৰূপ সলাই ৰূপ লৈছে যান্ত্ৰিকতাৰ
এতিয়া হেনো চহৰখন খমখমীয়াৰ নগৰী
পদ-পথত এতিয়া নবীন কাই নাথাকে
নাই দেৱালৰ পিকবোৰো
বহিঃ ৰাজ্যৰ বণিয়াৰ সুউচ্চ অট্টালিকা
দুৱাৰ মুখত পহৰাদাৰ।
মন গ'লেই সোমাই যাব নোৱাৰি কিন্তু!
নবীন কাই নাই নহয়!
ব্যস্ত চহৰ
সূৰ্যাস্তত নামি অহা শীতৰ সন্ধিয়া
কৃত্ৰিম পোহৰত অগচৰে মাজনিশা হয়
লেম্পপোষ্টত শীতৰ সেমেকা চাদৰ উৰুৱাই
নীৰৱতাক ভয়াল কৰি তোলে যেতিয়া
আৰ্তনাদি কোলাহলে গাই যায় জীৱনৰ গীত
মূৰ্ছনাত চেতাৰৰ বেসুৰীয়া ছন্দ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ