ক'লা ডাৱৰ আঁতৰাই -জ্যোতিশিখা দত্ত

কাজল সনা দুচকু, ওঁঠত ৰাঙলী আভা, মিঠা হাঁহি এটি লাগি থকা মুখখনি একেবাৰে বেলি ফুল লেখিয়া l মুক্ত জীৱনে আঁকি দিয়া ৰামধেনুখনত নাছি বাগি ফুৰিছিল তাইৰ সৰু বৰ সপোনবোৰ l হোমৰ গুৰিতো একে সপোন দেখা তাই কিন্তু সন্মুখীন হৈছিল অনাকাংশিত বাস্তৱৰ। জীৱনৰ ৰঙবোৰ বিবৰ্ণ হৈ আহিছিল, জঁই পৰি গৈছিল তাই l বহু শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ অন্তত তাই মূৰ দাঙি থিয় দিছিল, সিদ্ধান্ত লৈছিল তাইৰ মাজত স্থিতি লোৱা জীৱনটোক সুৰক্ষা দিয়াৰ, তাইৰ কণ্যা ভ্ৰুণটোক ভূমিষ্ঠ কৰোৱাৰ l আৰু আজি তাই আদালতৰ পৰা ওলাই আহিছে সপ্ৰতীভ হৈ, মুক্ত হৈ l 



Post a Comment

Previous Post Next Post