সহবাস, অন্য উপায় নাই -দীপক শৰ্মা

©Admin
0
যুগে যুগে ভিন ভিন সময়ত একো একোটা দুৰ্যোগ, মানৱ সমাজৰ সন্মুখত ধৰাৰ বুকুলৈ নামি আহে। এই দুৰ্যোগবোৰ লাগিলে ধুমুহা, ভূমিকম্প, বানপানীয়ে হওঁক নাইবা মহামাৰীয়ে হওঁক । কিন্তু, সেই দুৰ্যোগবোৰে আমাৰ সংগ নেৰে। সিহঁত সুযোগ পালেই আহে। একেদৰে কৰ'ণাও একপ্ৰকাৰৰ মহামাৰী লগতে ভয়ংকৰ দুৰ্যোগ। ২০১৯ চনত আৰম্ভ হৈছিল বাবে ইয়াক কোভিড-১৯ বুলি কোৱা হয়। ইয়াৰ প্ৰথমটো ঢৌ আৰম্ভ হৈছিল ২০২০ চনত। সেইবাবে, গোটেই বিশ্ব ব্যাপি ধ্বংস লীলা চলাইছিল। আমেৰিকা যুক্তৰাষ্ট্ৰ, লণ্ডন, ৰাছিয়া, গ্ৰেট বিট্ৰেইন, ইটালী, ব্ৰাজিল, জাপান, জাৰ্মান আদিৰ দৰে উন্নত ৰাষ্ট্ৰইও কৰ'ণাৰ প্ৰকোপত জোলোকা- জোলোকে পানী খাই ত্ৰাহি মধুসূদন স্মৰণ কৰিব লগা হৈছিল। ধন-জনৰ বহুত ক্ষতিগ্রস্ত হৈছিল। দেশবোৰৰ অৰ্থনীতি ভাগি পৰিছিল। ইখন দেশৰ লগত সিখন দেশৰ যোগাযোগ বিচ্ছিন্ন হৈছিল। ৰেল, জাহাজ, উৰাজাহাজ আদি সকলো যাতায়তৰ মাধ্যম বন্ধ হৈছিল। আমি ভাবিছিলোঁ--- ২০২০টো দুৰ্যোগৰ বছৰ, কিবাকৈ পাৰ হ'লেও হোৱা। অভাৱ-অনাটন,দুৰ্যোগ- ধুমুহাৰ কষ্টদায়ক বছৰ ২০২০ বিদায়। ২০২১ বৰ্ষত পুনৰ একেই অথন্তৰ। আমাৰ দেশ ভাৰতবৰ্ষত দুগুণ বৃদ্ধি পাইছে। আমাৰ দেশত ইতিমধ্যে বহু হেজাৰ মানুহে প্ৰাণ দিছে। আমাৰ ৰাজ্য অসমৰ লগতে দিল্লী, মুম্বাই, চেন্নাই, কৰ্ণাটক, তামিলনাড়ু, গুজৰাট, বিহাৰ, ঝাৰখণ্ড, পশ্চিমবঙ্গ আদি সকলো ৰাজ্যতে মৃত্যুই কিৰিলি পাৰিছে। এতিয়া কথা হ'ল--- ২০২২ত যে তৃতীয়টো আৰু ২০২৩ ত যে চতুর্থটো নাহিব তাক কোনে নিশ্চিত কৰিব ?  যিহেতু ইয়াৰ অন্ত নাই। গতিকে আমি সহবাস কৰিবলৈ সাজু থকাই ভাল। নাইবা ইয়াৰ গত্যন্তৰ নাই। আমাৰ সতৰ্কতা, আমাৰ সজাগতাই ইয়াৰ পৰা ৰক্ষা পৰাৰ উপায়। যিদৰে আমেৰিকা যুক্তৰাষ্ট্ৰ, ইটালী, চীন আদি ৰাষ্ট্ৰই কৰিছে। যদি আমি বেমাৰৰ ভয়ত সদায় লুকাই থাকিবলগীয়া হয় তেতিয়াহ'লে আমি ভোকত মৰিব লাগিব। আৰু আমি কিমান দিন বেমাৰৰ ভয়ত লুকাই থাকিম। আমি বেমাৰৰ সৈতে যুঁজিবলৈ শিকিব লাগিব। দেশৰ চৰকাৰে উন্নত চিকিৎসা পদ্ধতি, উন্নত চিকিৎসালয় আদিৰ ব্যবস্থা কৰা আৰু আমি সজাগ- সচেতনতা হৈ নিজৰ নিজৰ কৰ্তব্য ক্ষেত্রত যাওঁ । এদিন দেখিব বেমাৰে ভয়তে পলাই-পত্ৰং দিছে। নহ'লে লুকাই থাকিলে এদিন ঢুকাই যাব লাগিব।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)