নিজকে প্ৰশ্ন কৰিছোঁ- “এইয়াই নেকি বাস্তৱ?”
আশাৰ কিৰণ নেদেখিলো,
কিন্তু নদীৰ নিৰ্জনতাই
দিছে মোৰ প্ৰশ্নৰ উত্তৰ!..
কেউফালে পানী আৰু পানী
মাজত যেন মই নিৰ্জন পথাৰ!
অহ!... সেইটোৱেই নহয় জানো নীসংগতা।
যিটোৰ অনুভৱ দি যায়
মনৰ নিজানতাৰ,,
মনক দিয়ে প্ৰচণ্ড আঘাত!
আৰু বুজি পালোঁ এতিয়া,
“এইয়াই বাস্তৱ”।।
◼️সুশান্ত দাস ।