জনালো হিয়াভৰা প্ৰেম নিবেদন।
সৰাগছৰ পাতহৈ আমিও আছো
উৰুৱাই নিনিবা অনুৰোধ কৰো।
জীৱন জীয়াতুভোগা সাঁকো
তথাপি উচপিচাই জীয়াই থাকো।
সৰিয়হ এমুঠি হাততলৈ ফুৰো
জীৱনৰ সময় ক্ষণত উৰি ফুৰো।
ফাগুনৰ এচাতি বতাহৰ সৰাপাত
শুকানপাতত বগাই কাঢ়শলা সাপ।
মানুহৰ জীৱন সন্ধিক্ষণ
উৰুৱাই নিনিবা বতাহজাকত।
ফাগুন আহে বাৰে বাৰে
আশাৰে বহি ৰওঁ নীৰৱে।
তিনিকুৰি চাৰিটা ফাগুন পাৰ হ'ল
বহুত চিলা উৰুৱালো ফাগুনতে।