যʼত আছে ঘাত-প্ৰতিঘাত, সংঘাত-বিশ্ৰাম...।
জীৱনটো জানো এটি কাঁইটীয়া বাট নহয়....?
যʼত আছে প্ৰতি ক্ষণে সময়ৰ লগত যুঁজ।
জীৱনটো জানা, এটি শেলুৱৈ বাট,
যʼত আছে সহস্ৰজনৰ অমাতৰ মাত।
বাঃ! কিমানযে মিঠা মাত..!
ভয়েই লাগে দেখোন আজিকালি..
মেঘে যদি মাৰে বজ্ৰপাত..!
পৃথিৱীখন বহুত সলনি হʼল অʼ...
সলনি হʼল মানুহবোৰ...।
যʼত নাই দয়া..,
কাৰোবাৰ প্ৰতি মৰম ভালপোৱা....।
সকলো নিজক লৈয়ে ব্যস্ত..।
কাৰোৰ ফালে ঘূৰিবলৈ সময় নাই।
সকলোৰে জীৱনলৈ আহে অজস্ৰ সংঘাত...,
যʼত আমি সংগ্ৰামেৰে আগুৱাব লাগে.....।
জীৱন যুঁজত জিনিব লাগে।
কৰি যোৱা প্ৰতি খোজতে সংগ্ৰাম,
ক্ষন্তেক সময়ৰ বাবে লোৱা বিশ্ৰাম।
জীৱনটো জানা,সংঘাতেই ভৰপূৰ...,
যʼত আমি আগুৱাব লাগিব বহু দূৰ...।
তেতিয়াহে সফল আমি...;
যʼত জিলিকে এটি মিঠা হাঁহি...।।
✍️ কল্পনা বৰা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ