সুৰৰ সম্ৰাজ্ঞী

©Admin
0
সুৰৰ সম্ৰাজ্ঞী
জীৱন্ত কিংবদন্তি
সংগীতৰ সৰস্বতী
তুমি লতাদিদি । 
উনত্রিশ দিনীয়া যুদ্ধৰে যুঁজি
আজি নিয়তিৰ শীতল কোলাত
তুমি পৰিলা ঢলি ।
নাই আজি কাৰো কৃত্রিমতা
জনতাই তোমাক দিয়া অশ্রু অঞ্জলিত ।
তুমি যুগজয়ী , তুমি যুগস্ৰষ্টা
তুমি আছিলা অকৃত্রিম 
তুমি বিশ্ববিজয়িনী
বিশ্ববিখ্যাত শিল্পী ভূপেনদাই 
পাতিছিল তোমাক সৰুভনী , 
তোমাৰ সুৱলা কণ্ঠক
জীৱন্ত কালত কৰিছিল স্বীকাৰ । 
'জোনাকৰে ৰাতি' গীতৰ লহৰে
অসমীৰ বুকুত পৰিছিলা সোমাই
তুমি আমাৰ মাজত
অমৰ হৈ থাকিবা সদায় ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)