জীৱনৰ বাট

©Admin
0
এজাক ধুমুহা , কাল ধুমুহা
হৃদয় কঁপাই যোৱা আৰ্তনাদ ।
হৃদয়ৰ বাকৰিত ৰক্তাক্ত দাবাগ্নি
বিস্ফোৰিত অব্যক্ত বেদনা ।
ঘন কুঁৱলীৰ ধূসৰ জীৱনৰ বাটত ,
দিনটোৰ কঠোৰ পৰিশ্ৰমৰ সংজ্ঞা ।
সেউজীয়া জীপালময় গানৰ সমিধান ,
শুষ্ক ফাগুনৰ সৰাপাত ।
উৱলি যোৱা অতীতৰ হালধীয়া স্মৃতি ,
কৃত্ৰিমতাৰ প্ৰলেপত গধুৰ বিস্মৃতি ।
আক্ৰোশৰ অগ্নি শিখাত ,
আকাশৰ নীলাবোৰৰ ভগ্ন সপোন ।
নিয়তিৰ নিৰ্মম ভ্ৰুকুটি
জী‌য়াই থকাৰ আপ্ৰাণ চেষ্টা ।
অস্তিত্বৰ সংকটত সৃষ্টি ,
প্ৰত্যাহ্বান জীৱনৰ বাটত ।
ঐক্য সংহতি ভাষা-কৃষ্টি ,
মৰম ভালপোৱাৰ মিছা প্ৰতিশ্ৰুতি ।
ব্যস্ততাৰ অজুহাত পৰিহাৰ কৰি
মিলন সেতু হোৱা জীৱনৰ বাটত ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)