পাৰ ভঙা আনন্দ-হেমেন হাজৰিকা

ডাক্টৰৰ কোঠালীৰ সেউজীয়া পৰ্দাখন ঠেলি সম্পুৰ্ণা লাজুক হাঁহি এটিৰে চুচুক চামাককৈ ওলাই আহিল  ।
অধীনৰ অপেক্ষাৰে মাকৰ সৈতে চকীত বহি থকা দেৱদ্বীপ সম্পুৰ্ণাৰ কাষ পালেগৈ । দেৱদ্বীপ সম্পুৰ্ণাৰ স্বামী । তাইৰ চকুত চকু থৈ ইংগিতেৰে সুধিলে  । তাইও তাৰ চকুলৈ চাই লাজুক হাঁহি এটিৰে মুৰ দুপিয়ালে  । আবেগ বিহ্বল দীপে সকলো পাহৰি সম্পুৰ্ণাক দুবাহুৰে সাবটি ধৰিলে। লাজতে সম্পুৰ্ণাই কলে মানুহ আছে দেখা নাই ? ইতিমধ্যে দেৱৰ মাক আহি সেইখিনি পাইছিলহি  ।
    আজি ঘৰখনত উখল-মাখল পৰিবেশ । উলাহৰ শেষ নাই । খবৰটো সম্পুৰ্ণাহতৰ ঘৰতো দিলে । কাৰণ দেৱ যে দেউতাক হ'বলৈ ওলাইছে আৰু সম্পুৰ্ণা মাক  ।

   ‌

Post a Comment

Previous Post Next Post