মেখেলা-চাদৰ~অণুগল্প-ড° আৰাধনা বৰুৱা

©Admin
0
(ৰসৰাজ বেজবৰুৱাদেৱলৈ সশ্ৰদ্ধ প্ৰণাম জনাই তেখেতে ৰচনা কৰা তেজীমলা সাধুৰ কিছু অংশৰ এক অনুভৱী ৰূপান্তৰৰ প্ৰয়াস)
 
          তেজীমলাৰ মনত আজি বৰ উচাহ ৷ নহ'বই বা কিয় ? আজি যে তাইৰ প্ৰাণৰ সখীৰ শুভ-বিবাহ !

         পূবে ধলফাট দিওঁতেই শেতেলী এৰি বাহী-বন সামৰি তেজীমলা মনে মনে সাজু হ'ল বিয়ালৈ যাবলৈ বুলি ! মাহীমাকক তাই ভাল পায় যদিও এক অহেতুক ভয় মিহলি সমীহ আছে তেওঁৰ প্ৰতি ৷

          বিয়ালৈ কপাহী মেখেলা-চাদৰ এযোৰকে পিন্ধি যাব বুলি তেজীমলাই মনস্থ কৰিলে ৷ বিয়াঘৰত গৈ কোনযোৰ সাজ পিন্ধিব চিন্তা কৰি থাকোঁতেই মাহীমাকে দেখোন আলহ-উদহকৈ জপাৰ পৰা সাঁচোন ৰঙা শেল দিয়া কেচ বচা মুগাৰ ৰিহা-মেখেলাযোৰ কাপোৰৰ মোনা এটাত ভৰাই আনি তাইৰ হাতত তুলি 
দিলেহি ৷উলাহতে তেজীমলাৰ মন নাচি উঠিল ৷

          চুঁচি-মাজি তেল-টেঙা ঘঁহি কলডিলীয়া খোপা এটা বান্ধি হাতত মুঠি খাৰু, আঙুলিত জেঠীনেজীয়া আঙুঠি, কাণত কেৰু আৰু ডিঙিত জোনবিৰি খটোৱা গলপতাধাৰ পিন্ধি হেঁপাহেৰে সাঁচতীয়া মেখেলা-চাদৰযোৰ লৈ তেজীমলা বিয়াঘৰলৈ ওলাই গ'ল ৷

        তেজীমলাই নাজানিলে অদৃষ্টৰ লিখন; মেখেলা-চাদৰযোৰেই যে তাইৰ জীৱনলৈ কাল অমানিশা নমাই আনিব !

✍️ড° আৰাধনা বৰুৱা
যোৰহাট
                                 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)