কি কৰিব! এয়া তাইৰ ভাগ্যৰেই লিখন । এই কথাবোৰ ভাবিলেই তাইৰ অতীতলৈ ঘূৰি যাবলৈ মন যায় । তেতিয়া তাই মেট্ৰিকৰ দেওনা পাৰ হোৱাই নাছিল । পৰীক্ষা আৰম্ভ হৈছিলহে মাথো । সেইদিনা তাই সমাজ অধ্যয়নৰ পৰীক্ষা দি আহিছিল । পিছদিনাখন আছিল ইংৰাজীৰ পৰীক্ষা । পঢ়া টেবুল নোহোৱা হেতুকে তাই বিচনাখনতে বহি পঢ়িছিল । সেইদিনা পৰীক্ষা দি আহি ভায়েকক ভাত বাঢ়ি দিয়াৰ দায়িত্ব তাইৰ ওপৰতে পৰিছিল । সেইদিনা তাইৰ মনে মনে খঙো উঠিছিল । তথাপি তাই মাকৰ নিৰ্দেশত বাচন বৰ্তনবোৰ ধুই পঢ়িবলৈ বহিছিল । জিনাৰ বাপেকে পথাৰৰ পৰা আহি তাইক পঢ়ি থকা দেখি খং কৰিছিল ।খঙতে বাপেকে তাইক বহু কথা শুনাইছিল । সন্ধিয়াৰ কাম পেলাই থৈ পঢ়াত লাগিছ ।ছোৱালীমানুহ নপঢ়িলেও হব যা ।পঢ়ি কিডাল ওলোটাবি জনা গৈছে । আগতে চাহ বনা' ।সেইদিনা তাইৰ মনত বিৰক্তি ভাব এটা উদয় হৈছিল । মনতো বৰ দুখ লাগিছিল । কিন্ত উপায় নাই । বহী কিতাপ সামৰি থৈ তাই চাহ বনোৱাত লাগিছিল । ইফালে মাকেও বুজাইছিল তাইক --- ছোৱালী মানুহ হ'লে এইবোৰ কাম কৰিবই লাগিব । এনেকৈ পেন পেনাই কান্দি থাকিলে নহ'ব । লগতে ভাত কেইটাও বনাই থ । অসীম ধৈৰ্যৰে তাই পৰীক্ষা দিছিল আৰু দ্বিতীয় বিভাগতহে পাছ কৰিছিল । কেনেদৰে যে সেই দিনবোৰ পাৰ হৈ গৈছিল তাইৰ এতিয়া ভাবিলে আচৰিত লাগে । মোমায়েকে কলেজত নাম লগাই নিদিয়া হ'লে তাইৰ হয়তো পঢ়াই নহ'লহেতেন ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ