ল'ৰাহঁতলৈ মাতৃগৰাকীৰ উপদেশ

মৰমৰ বোপা ,

বুজিছ বোপাইহঁত, মোৰ  আয়ুবেলি এতিয়া  পশ্চিম  দিগন্তত । কেতিয়া ক'ত কেনেকৈ ডুবি যায়  নাজানো । তহঁত  এতিয়া  জনা বুজা হৈছ । যি কাম কৰ ভাবি চিন্তি  কৰিবি ।                               কণল'ৰা, মই অহাৰ দিনাখন  তোক  বহুত কথা বুজাইছিলোঁ  । মনত  ৰাখিবি সৎ কৰ্মৰ  জৰিয়তেহে জীৱনৰ  পূৰ্ণতা লাভ কৰিব পাৰি । সদায়  নিজৰ কাম  যিমান পাৰ  নিজে  কৰিবলৈ যত্ন  কৰিবি । নিজৰ  ওপৰত  থিয় হৈ জীৱন নিৰ্বাস  কৰিব  পৰাটো  বুদ্ধিমানৰ পৰিচায়ক । নিজকে  ভালে ৰখাৰ দায়িত্ব যেতিয়া নিজে ল'ব পাৰিবি, তেতিয়াহে   অনাগত  জীৱন সুকলমে  পাৰ কৰিব পাৰিবি । লক্ষ্য ৰাখিবি  ধীৰে  সুস্থিৰে কৰা  কামৰ সফলতা  খৰধৰকৈ কৰা কামৰ সফলতাতকৈ  হাজাৰগুণে  বেছি । আত্ম  স্বাৰ্থতকৈ  সমূহীয়া  স্বাৰ্থৰ কথা চিন্তা কৰি  জীৱনত  আগবাঢ়িবি ।                                               সিদিনাখন  তোক  এৰি থৈ  আহি  মই  বহুত  চকুলোঁ  টুকিলোঁ । তই  ভালে  কুশলে  থাক । মাৰ  আশীৰ্বাদ  তোৰ  শিৰত  সদায়  বিৰাজমান ।  ভগবানক  আগত  ৰাখি দৈনিক জীৱনৰ  সকলো কাম  নিয়াৰিকৈ  কৰিবি । গৈ  পাই  তোলৈ  ফোন কৰিম ।  
        
         ইতি 
তোৰ মৰমৰ মা

Post a Comment

Previous Post Next Post