সপোনৰ পৰিধি | ধৃতাশ্ৰী বৰ্মন

©Admin
0
কেতিয়াবা শব্দবোৰৰ অপমৃত্যু ঘটে
পোহৰৰ কণিকাবোৰ যেন নি:শেষ হৈ যায়। 
লিখিব বিচাৰি হাতত কলমটো লৈ থমকি ৰওঁ। 
অনুভৱৰ টুকুৰাবোৰ যেন হেৰাই যায়!!

জানো আকাশত যে ডাৱৰ আছে,
তথাপিও হেঁপাহ.....
আকাশৰ নীলাবোৰ সদায়েই আপোন।

 জীৱনে বহু শিকাইছে ! 
যিবোৰ শব্দৰে প্ৰকাশ নহয়!
যিবোৰ ভাষাৰে বুজাব নোৱাৰি! 
......
এটি হুমুনিয়াহ কাঢ়ি সামৰি থওঁ শব্দবোৰ। 
জীৱন,
য'ত থাকে
সপোন আৰু বাস্তৱৰ সংঘাত। 
সংগ্ৰামৰ কাহিনী
আৰু কিছু আধালিখা কবিতা। 
   

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)