অনুভৱৰ পথাৰত
ফাগুনৰ গুণ-গুননি
আদৰ বঢ়িছে- - -
নিজেই নজনা কৈ
বাটচ'ৰা সিপাৰ হৈ
পদুলিত ফাগুন
প্ৰেমিকৰ উদুলি-মুদুলি
সৰাপাতে বজায় সুঁহুৰি
কোন জাক বতাহে
কঢ়িয়াই আনিছে দেহি ঐ
পলাশ শিমলু মদাৰ
লঠঙা ডালত বান্ধিছে থোপা-
চিৰিলি শুকান পাতে
ধুলি-বালি স'তে
তালে-তালে চকৰি বতাহ খেলে
ল'ৰা হতে কিৰিলি পাৰে
প্ৰেমত উগাৰি দিয়ে
ফাগুনে হৃদয়ৰ কোণে-কোণে
কবিৰ কাপেৰে কবিতা নিগৰে
প্ৰিয় পাঠকে টলমল শব্দৰে
ভাকুট-কুট খেলে - ।