এমুঠি ফাগুণ লৈ ফুৰিছো...
ৰ'দে কটা বাটৰে
বতাহী হৈ ঘূৰিছো...
লুইতৰ দুপাৰত ৰঙা আবেলি বুটোলি
হেঁপাহ পলুৱাই নাচিছো...
লঠঙা ডালৰ ফাঁকেৰে সৰকা
এজাক জোনাকৰ বৰষুণত তিতিছোঁ...
চাংঘৰ বগাই আপঙৰ বাতিত
কনেঙৰ দুচকুত সোৱণশিৰি হৈ নামিছো...
ৰঙা পলাশৰ আৱিৰ সানি
ঘূণাসুঁতিৰ পাৰে পাৰে চিলা হৈ উৰিছো...
সৰাপাতৰ নাও সাজি
বুকুৰ ইপাৰ সিপাৰে ফাগুণ বিলাইছো...
সপোনৰ জোলোঙাখনত
এমুঠি ফাগুণ লৈ ফুৰিছো...।।
◼️শ্যামল বৰা
সাপেখাতী