শীত পদুলিত | পাপু শইকীয়া

Rinku Rajowar
0
কাতিৰ কুঁৱলীসনা এটি মিঠা গধূলি
নিহালিখন উলিয়াই ল'বলৈ
এজাক শীতল বতাহ,
আৰু 
উষ্ণতা হ্ৰাস পোৱা 
দিবাকৰৰ আবেলি। 

ক'ৰ পৰানো হো -হোৱাই
 নমাই আনিলে শীত,
 ৰাতিৰ সেই পাতল বৰষুণজাকে।

বৰষুণজাক সীমা দুয়োপাৰৰ,
এফালে শীত আৰু আনফালে
বাৰিষাৰ সৈতে দীঘল গৰম।

নিহালিখন গাত মেৰিয়াই,
জোনাক নিশা, 
কুঁৱলীসনা চৌপাশে
কাৰ জয়গান ?

নেপথ্যত, 
পানীলগা জ্বৰ আৰু
খেকাৰৰ সৈতে কিছু কাঁহ।

⏺️পাপু শইকীয়া 
চিনাতলী (গোলাঘাট) 
ভ্ৰাম্যভাষ :৯৮৬৪৫০২৮৭৩ 

    

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)