তুমি অবিহনে ফাগুণত খৰাং নামে
ফাগুণত শিমলু পলাশ মদাৰে
প্ৰকৃতিৰ দুগালত ফাকু সানে ।
ফাগুন আহে শিমলু ফুলে
কবিৰ মনত প্ৰেম জাগে
ছন্দ শিল্পৰ হাতৰ পৰশত উজান উঠে
এই যে ফাগুন বৰ মতলীয়া ।
ফাগুন আহে খৰাং নামে
তোমালৈ মোৰ মনত পৰে
তুমি যে আহিছিলা যোৱাবেলি ফাগুনতে
আজিও সজীৱ হৈ আছে ছন্দ শিল্পৰ মাজেৰে ।
ফাগুন আহে শৈশৱৰ কথা মনত পৰে
পছোৱা বতাহ জাকৰ মাজত
ওমলি ফুৰে
দুয়ো বন্ধু মিলি চিলা উৰুৱাৰ কথা ।
ফাগুন তুমি যোৱা গৈ
লঠঙা পলাশ শিমলুৰ ডালে ডালে ফুলিব দিয়া
হৃদয়ৰ মাজত সাঁচি থোৱা মৰমবোৰ ।
ফাগুন তুমি বৰ চঞ্চল
সৌ চৰাই জনীৰ দৰে উৰুৱাই নিয়া
কোনোবা অচিন দেশলৈ
সৌ পছোৱা বতাহ জাকৰ দৰে।
ফাগুন আহে ফাগুন যায় মাথোঁ ৰৈ যায় ফাগুনৰ লঠঙা স্মৃতি ,
আবদ্ধ হব হৃদয়ৰ মাজত
ফাগুনৰ এই তেজাল স্পৰ্শত
🔴প্ৰজেছ দাস
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ