অপেক্ষাৰ ফাগুন | ৰঞ্জু গায়ন বৰুৱা

Rinku Rajowar
0
যৌৱন গংগা যমুনাৰ পাৰত বহি 
ভাবি আছো তোমাৰ কথাকে ফাগুন আহিলে ,
পলাশ, শিমলু, মদাৰ  ফুলিলে 
এতিয়া , মই আছো মাথোঁ 
তোমাৰ অপেক্ষাত
প্ৰতিটো উশাহ- নিশাহত
 কেৱল তুমি আৰু তুমি ।
       কিয় বাৰু তুমি নুবুজা হৈ পৰা ,
       বুকুৰ প্ৰতিটো হৃদয়ৰ কথা 
       কিয় বাৰু অচিনাকি যেন কৰা
       সেইবাবে মই আজি অনা নাই ,
       তুমি ভাল পোৱা পলাশী ফুল  
       এতিয়া মাথোঁ সময় ফাগুন সৰাপাতৰ কবিতা লিখা ।
       কবিতাৰ প্ৰতিটো শব্দত কেৱল তুমিয়েই আছা 
       অৰ্থহীন বুজিছা সকলো অৰ্থহীন 
       এই জীৱন ধূলিকণা মই 
       ধূলিৰ সৈতে যুঁজ দিব নোৱাৰো
       তোমাক বুকুৰ আপোন কৰিবও তো নোৱাৰো ।

◾ৰঞ্জু গায়ন বৰুৱা ( নামৰূপ )
ফোন নং - ৯৯৫৪১২৬৩৪৬

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)