গাভৰুৰ লয়লাসত পুৰুষ মাতাল হয়
মতাল পুৰুষৰ বীভৎস ৰঙা দুচকুৱেও
কথা কয় , সত্য কথা ।।
কোনোবাই কোৱা শুনিছিলোঁ
মদৰ নিচাতকৈ নাৰীৰ নিচা বেছি ,
মাথো ব্ৰেণ্ড চাব জানিব লাগে ।
কিন্তু কোনে বুজাব সিহঁতক
ব্ৰেণ্ড চাই লাভ নাই ,
নিচা অৱশ্যে ফটিকাটো লাগে
তথাপিও নাৰীক তুলনা কৰিব নোৱাৰি ফটিকাৰ লগত
সিমান ৰাগিয়াল নাৰী হ'বই নোৱাৰে ।।
নপঢ়িব মোৰ কবিতা , নকৰিব মোৰ কবিতাৰ অপেক্ষা ।
আপুনি পঢ়িব নোৱাৰিব আপোনাৰ তাচ্ছিল্যতা !
মই দুৰ্বল নহয় আপোনাৰ বুকুৰ তিলৰ প্ৰতিও ,
মই দুৰ্বল নহওঁ আপোনাৰ নগ্নতা উপভোগ কৰিও ।।
✍️চিন্ময় বৰা।
বিশ্বনাথ চাৰিআলি।।