পৰম্পৰা-কাঞ্চন সাউদ বৰা

©Admin
0
মাঘ বিহু আহিলেই ঢেঁকীটোলৈ মনত পৰে মাকনী পেহীৰ। জীয়ৰী কালত ঢেঁকীটোৰ সৈতে বৰকৈ লাগি আছিল। পেহাক প্ৰায়েই কৈ থাকে এইবাৰ মোক ঢেঁকীটো পাতি দিব। মাঘবিহুত চিৰা সান্দহ আৰু গুৰা সান্দহ খুণ্ডিম। লগতে পিঠাগুড়ি খুন্দিবলৈ সুবিধা হ'ব। পেহাই তেতিয়া কয়, মহানগৰীত আছোঁ, ঢেঁকী পাতিবলৈ ঠাইয়ে নাই দেখোন, যিকণ আছে সেইকণত ঢেঁকী শালটো পাতিলে ওচৰ চুবুৰীয়াই ঢেঁকীৰ মাত শুনি অসহ্য পালে তোমাকেই বেয়া পাব। হুমুনিয়াহ এটা কাঢ়ি মাকনী পেহীয়ে পেহাক বৰ দুখেৰে ক'লে হ'ব দিয়ক নেলাগে ঢেঁকী পাতি দিব আধুনিকতাৰ পৃথিৱী। আগৰ সেই দিন নাই আৰু।
ল'ৰা ছোৱালী দুটাইটো নেখাইয়ে সেইবোৰ। আমি দুজনেহে খাওঁ কিনি আনিয়েই অসমীয়াৰ বাপতি সাহোন ভোগালী বিহুটি উৎযাপন কৰিম। এইবাৰ আপুনি "ভোগালীৰ জলপান"লৈ যাব আৰু তাৰপৰা অলপ সৰহকৈ পিঠা পনা আনিব। এইবাৰ মই ফেচবুকৰ নতুন বন্ধু বান্ধবীক বিহু খাবলৈ মাতিম। কিনি আনি হ'লেও আমি  আমাৰ পৰম্পৰা ৰক্ষা কৰিব লাগিব।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)